অসমশীৰ্ষ

সীমান্তই সীমান্তই প্ৰতিবাদৰ দাবানল: বৃহত্তৰ নাগালিমৰ তীব্ৰ প্ৰতিবাদ, তিতাবৰৰ অসম নাগালেণ্ড সীমান্তত

তিতাবৰৰপৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: বৃহত্তৰ নাগালিমৰ বিৰোধিতা কৰি নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীত এইবাৰ সীমান্তত হাতে হাতে জোঁৰ লৈ ওলাই আহিল সীমান্তৰ জনতা। অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতি, বৰহোলা, বালিজান, বেকাজান আৰু ইকৰাণী শাখা সমিতিৰ উদ্যোগত সীমান্তৰ ৰাজপথ কঁপাই তুলিলে কেইবাশতাধিক জনতাই।

কেন্দ্ৰীয় চৰকাৰখনে এন এচ চি এনৰ সৈতে হোৱা গোপন চুক্তি ৰাজহুৱা কৰাৰ দাবী তোলাৰ লগতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰখনকো তীব্ৰ সমালোচনা কৰি নাগা ফ্ৰেমৱৰ্ক চুক্তিখন বিজেপি চৰকাৰৰ এক জাতিদ্ৰোহী সিদ্ধান্ত বুলি উল্লেখ কৰে। লগতে সংগঠনটোৰ নেতৃবৃন্দই এই চুক্তি প্ৰতিহত কৰিবলৈ প্ৰয়োজনত হাজাৰ জন তেজাল অসমীয়াৰ তেজ দিবলৈ সাজু বুলিও কঠোৰ হুংকাৰ প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই অবিবেচক সিদ্ধান্তই অসমৰ ভৌগোলিক সীমাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ আশংকা প্ৰকট হৈ পৰাৰ সময়তে ফ্ৰেমৱৰ্ক চুক্তিৰ বিৰুদ্ধে কঠোৰ কাৰ্যসূচীৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে।

কেন্দ্ৰৰ এই জাতিদ্রোহী সিদ্ধান্তৰ বিৰুদ্ধে জাতি মাটি-ভেঁটি ৰক্ষাৰ সংকল্প লৈ শাসনলৈ অহা সৰ্বা চৰকাৰখনে মৌনতাৰে সমৰ্থন দিয়া কাৰ্যক লজ্জাজনক বুলি উল্লেখ কৰি এনে কৰ্মৰ ফল লাভৰ বাবে সৰ্বা চৰকাৰক সাজু থাকিবলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close