অসম

সীমান্তৱৰ্তী বিহুবৰত উত্তেজনা, এনএচচিঅএন আই এমৰ ধন দাবী

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: বৃহত্তৰ নাগালিমক লৈ সৰ্বত্তে প্ৰতিক্ৰিয়া চলি থকা সমান্তৰালভাৱে নাগা বিদ্ৰোহী সংগঠন এনএচচিএন আই এমৰ উপদ্ৰৱ অব্যাহত আছে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত৷ শিৱসাগৰ জিলাৰ নাজিৰ মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰ ঔগুৰি জান অঞ্চল নাগালেণ্ডৰ অন্তৰ্ভুক্ত কৰি অঞ্চলটোত বসবাস কৰা বাসিন্দা তথা সৰু বৰ ব্যৱসায়ীলৈ বছৰেকীয়া কৰ সংগ্ৰহৰ দাবী পত্ৰ প্ৰেৰণ কৰিছে।

OFFICE OF THE RAZOU PIYU WANGYONG RANG(GPRN)ৰ পেদত প্ৰতিঘৰ বাসিন্দাৰ পৰা ৫০০ টকা, প্ৰতিটো ৱৰ্কস্পৰ পৰা ২০০০ টকা , সৰু পাণ দোকানৰ পৰা ৫০০ টকা, সাধাৰণ দোকাণৰ পৰা ৩০০০ টকা, আৰু প্ৰতি খন হোটেলৰ পৰা ৫০০০ টকা ২০১৭ চনৰ ২৭ অক্টোবৰৰ আগত জমা দিবলৈ দাবী কৰিছে। উল্লেখ্য যে একাংশ নগা দুষ্কৃতিকাৰীয়ে সীমান্তৱৰ্তী বিহুবৰ ঔগুৰি জানত চাহ বাগিচা কাটি তহিলং কৰাৰ লগতে চাহ গছ সমুহত অগ্নি সংযোগ কৰি সন্ত্ৰাস চলাই আহিছে। কিন্তু স্থানীয় লোক আৰু দল সংগঠন একমত। আধা ইঞ্চি মাতিও নাগালেণ্ডক নিদিয়ে।

Related Articles

Leave a Reply

Close