শেহতীয়া
Home / অসম / সুজিত দে’ মৃত্যুৰ উচিত তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ

সুজিত দে’ মৃত্যুৰ উচিত তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ

নিউজ ডেস্ক,প্ৰথম খবৰ: নগাঁও কাণ্ডৰ অন্যতম অভিযুক্ত সুজিত দে’ৰ কাৰাবাস চলি থকা অৱস্থাত মৃত্যু হোৱা ঘটনা দুভাৰ্গ্যজনক আৰু মানৱতাবিহীন বুলি আজি ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি দুখ প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈয়ে| উল্লেখ্য যে সুজিত দে’ এগৰাকী কেঞ্চাৰ ৰোগী আৰু  মুম্বাইৰ টাটা মেমৰিয়েল হাস্পতালত তেওঁৰ চিকিৎসা অব্যাহত আছিল| সুজিত দে’ আৰু পৰিয়ালে আৰক্ষী আৰু জেল কতৃপক্ষক কেঞ্চাৰ ৰোগী হোৱা বাবে জামিনৰ বাবে বহুতো অনুৰোধ কৰিছিল কিন্তু কতৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে প্ৰদেশ কংগ্ৰেছে| সুজিত দে’ৰ শাৰীৰিক অৱস্থা নিম্নগামী হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰে যদিও তাত সঠিক চিকিৎসা অবিহনে পেলাই থোৱাৰ বুলি তেওঁ মত ব্যক্ত কৰে| প্ৰদ্যুৎ বৰদলৈয়ে প্ৰশ্ন কৰে–কাচভৰ নিচিনা দুধৰ্ষ অপৰাধীক যদি বিচাৰ প্ৰক্ৰিয়াৰ মাজত স্বাস্থ্য আৰোগ্যৰ বাবে কতৃপক্ষই ব্যৱস্থা লব পাৰে তেন্তে সুজিত দে’ৰ ক্ষেত্রত কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে?কিয় সুজিত দে’ক বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসা প্ৰদান কৰা নহল?ইয়াক প্ৰদেশ কংগ্ৰেছে মানৱতাবিহীন কাৰ্য্যকলাপ বুলি ক্ষোভ প্ৰকাশ কৰে আৰু তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে কি কাৰণত,কি পৰিস্থিতিত সুজিত দে’ মৃত্যুক আকোৱালী লব লগা হ’ল চৰকাৰৰ ওচৰত তাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে|

Leave a Reply

Your email address will not be published. Required fields are marked *

*