Home / অসম / সুৰা, ড্ৰাগছৰ ঘাটিত পৰ্যবসিত নগাঁৱৰ এখন চৰকাৰী বিদ্যালয়, আৰক্ষীৰ নীৰৱ ভুমিকা

সুৰা, ড্ৰাগছৰ ঘাটিত পৰ্যবসিত নগাঁৱৰ এখন চৰকাৰী বিদ্যালয়, আৰক্ষীৰ নীৰৱ ভুমিকা

নগাঁৱৰপৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁও চহৰৰ দাঁতি কাষৰীয়া এখন বিদ্যালয় এতিয়া সুৰা আৰু ড্ৰাগছৰ ঘাটিলৈ পৰ্যবসিত হৈছে। অভিযোগ অনুসৰি, নগাঁও চহৰৰ সমীপৰ তেলিয়া পানীগাঁও প্ৰাথমিক বিদ্যালয়ত সন্ধিয়া হোৱাৰ লগে লগে একাংশ যুৱকে সুৰা আৰু ড্ৰাগছৰ আড্ডা বহুৱাই এক অসামাজিক পৰিৱেশৰ সৃষ্টি কৰে। দুপৰ নিশালৈকে অত্যাধিক সুৰা,ড্ৰাগছ আদি নিচাযুক্ত দ্ৰব্যৰ সেৱন কৰি উদণ্ড এটা যুৱকৰ দলে এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ লগতে নিচাত বলিয়া হৈ পৰা যুৱককেইজনে বমি আৰু মলত্যাগ কৰি সমগ্র বিদ্যালয়খনৰ পৰিৱেশ কদৰ্যময় কৰি তোলে।

কালি নিশাও একে পৰিৱেশ দেখা পাই স্থানীয় ৰাইজে যুৱককেইজনক খেদি পঠিয়াই। এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক কঠোৰ সমালোচনা কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য, যুৱকৰ দলটোৱে নিশা কৰি যোৱা এক কদৰ্যময় পৰিৱেশৰ বাবে আজি বিদ্যালয়খনত পাঠদান কাৰ্যসূচীত ব্যাঘাত জন্মে। নিশাৰ ভাগত ৰাইজে এই অঞ্চলটোত পহৰাৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ নগাঁও আৰক্ষী প্ৰশাসনক দাবী জনাইছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*