অসম

সোণাৰিত অবৈধ চুলাই মদ বেপাৰীৰ পৰা টকা সংগ্ৰহ কৰি ৰাইজৰ হাতত আৱদ্ধ আবকাৰী বিষয়া কৰ্মচাৰী

সোণাৰিৰ পৰা মিতুপৰ্ণ গগৈ, প্ৰথম খবৰ: এশ গৰু মাৰিলে বাঘৰো মৰণ। এই দশাই হ’ল আজি চৰাইদেউ জিলা আবকাৰী বিভাগৰ। উল্লেখ্য জিলা আবকাৰী বিভাগৰ উপ অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলে হৈ যোৱা পূজাৰ গইনা লৈ জিলা খনৰ বিভিন্ন ওৱাইন চপৰ পৰা বুজন পৰিমাণৰ টকা সংগ্ৰহ কৰাৰ পাছতে শনিবাৰে সোণাৰিৰ সীমান্তৰ নামতোলাত উপস্থিত হৈ অঞ্চলটোৰ অবৈধ চুলাই মদৰ ব্যৱসায়ীৰ পৰা টকা সংগ্ৰহ কৰে।চৰাইদেউ জিলা আবকাৰী উপ অধীক্ষক সঞ্জীৱ শইকীয়াক এইবাৰ সহযোগ কৰে ৰীতামণি শইকীয়া নামৰ মহিলা পৰিদৰ্শক গৰাকীৰ লগতে আন কেইজন মান কণিষ্টবলে।

আবকাৰী দলটোৱে সোণাৰিৰ সীমান্তৰ নামতোলা হাতীকেম্পত উপস্থিত হৈয়ে অবৈধ চুলাই ঘাটিসমূহ উচ্ছেদ কৰাৰ পৰিৱৰ্তে হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰা বিষয়টো জানিব পাৰি স্থানীয় ৰাইজে হাতে লোটে আটক কৰি প্ৰহাৰ কৰিবলৈ উদ্যত হয় যদিও নামতোলা আৰক্ষীয়ে ৰাইজৰ হাতৰ পৰা আবকাৰী দলটোক উদ্ধাৰ কৰি আৰক্ষী থানালৈ আনিবলৈ সক্ষম হয়।

ইফালে ধুৰন্দৰ আবকাৰী বিষয়া কৰ্মচাৰী কেইজনক গ্ৰেপ্তাৰৰ দাবীত নামতোলা আৰক্ষী থানাতো স্থানীয় ৰাইজে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে।

শেহতীয়াকৈ ঘটনাৰ সন্দৰ্ভত আবকাৰী বিষয়া কৰ্মচাৰী কেইজনৰ ওপৰত ৰমেশ কন্ধ নামৰ এজন লোকে নামতোলা আৰক্ষী থানাত এজাহাৰ প্ৰদান কৰিছে।

Related Articles

Leave a Reply

Close