অসম

সোণাৰিত ট্ৰেক্টৰ মেলা

প্ৰথম খবৰ, সোণাৰি: সোণাৰিত মুখ্যমন্ত্ৰী সমগ্র গ্ৰাম্য যোজনাৰ অধীনত ট্ৰেক্টৰ মেলা অনুষ্ঠিত কৰা হয়। চৰাইদেউ জিলাৰ সোণাৰি জিলা কৃষি বিষয়া কাৰ্যালয়ত এই মেলা আয়োজিত কৰা হয়।

মেলাৰ জৰিয়তে কৃষক ৰাইজক মুখ্যমন্ত্ৰী সমগ্র গ্ৰাম্য আঁচনিৰ অধীনত কি দৰে কৃষক গোট সমূহে কম মূল্যত ট্ৰেক্টৰসমূহ ক্ৰয় কৰিব পাৰি তাৰ সবিশেষ তথ্য সদৰি কৰি এক সভাও অনুষ্ঠিত কৰা হয়। সভাত জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে সোণাৰিৰ বিধায়ক তপন কুমাৰ গগৈও উপস্থিত থাকে।

Related Articles

Leave a Reply

Close