অসম

সোণাৰিত প্ৰাথমিক বিদ্যালয়ত পাঠদান চলি থকা অৱস্থাতে বিজেপি কৰ্মীয়ে আৰম্ভ কৰিলে অটল অমৃত যোজনাৰ কাম

সোণাৰিৰপৰা মিতুপৰ্ণ গগৈ, প্ৰথম খবৰ: সোণাৰিৰ ৫৪২ নং টিয়ক বগৰীগুৰী প্ৰাথমিক বিদ্যালয়ত শনিবাৰে পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তে সোণাৰিৰ একাংশ বিজেপি কৰ্মকৰ্তাই মইমতালীৰে বিদ্যালয় চৌহদতে ৰাইজৰ বাবে অটল অমৃত যোজনাৰ বাবে প্ৰ পত্ৰ পূৰণ কৰাৰ বাবে শ শ ৰাইজক আমন্ত্ৰণ জনোৱাৰ কাৰ্যত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হয়। শ শ ৰাইজ বিদ্যালয়ত উপস্থিত হোৱাত শিক্ষক সমাজে কণ কণ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ সমান্তৰালভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত ব্যাপক অসুবিধাৰ সন্মুখীন হয় যদিও এই ক্ষেত্ৰত স্থানীয় বিজেপি নেতাৰ লগতে মৌন বিধায়ক।

Related Articles

Leave a Reply

Close