অসমনিবন্ধশীৰ্ষসাহিত্য

সোণোৱাল চৰকাৰৰ অগ্নিপৰীক্ষা, কংগ্ৰেছৰ দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ আৰু বিজেপিৰ দুৰ্নীতিৰ কেন্দ্ৰীকৰণ

শিলাদিত্য বৰ্মণ:

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈছিল সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে৷ বিগত দুই এক ৰৌ বৰালিকে ধৰি দুই এজন কনিষ্ঠ অভিযন্তা বিষয়াক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰি চৰকাৰখনে দৃষ্টি আকৰ্ষণ কৰিছিল৷ এপিএছচিৰ কেলেংকাৰীত চৰকাৰখনৰ স্থিতি দেখি সাধাৰণ মানুহে ভাবিছিল-এইবাৰ কিবা এটা হ’ব৷

দুৰ্নীতিগ্ৰস্ত বিডিঅ’, বিষয়া, গাঁৱৰ ঠিকাদাৰ, চহৰৰ সৰু ডাঙৰ ঠিকাদাৰ সকলোৱে দুৰ্নীতি এৰিব লাগিব, নহ’লে ৰঙাঘৰত সোমাব লাগিব৷ যি দুই একে দুৰ্নীতি কৰিছে, তেওঁলোকক জে’লৰ ভাত খুওৱা হ’ব৷ এইটো আশাতেই যোৱা প্ৰায় ডেৰটা বছৰে অপেক্ষা কৰিলে অসমৰ মানুহে৷ গাঁৱৰ একাংশ ঠিকাদাৰ, চহৰৰ সৰু ঠিকাদাৰৰ একাংশইও কাম পোৱা নাই নতুনকৈ৷ মানুহে ভালেই পাইছিল৷ এইবাৰ চৰকাৰ বেলেগ চৰকাৰ, কংগ্ৰেছৰ দিনৰ চিকমিকনি গ’ল, নাখাই মৰিব দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ-বিষয়া৷ কোনো কথা নাই, আমি নাখাই মৰিম, দুৰ্নীতি নালাগে৷ সাধাৰণ মানুহে এনেকৈ ভাবিবলৈ লৈছিল৷ পেটে পেটে মানুহৰ ভাৱ, দুৰ্নীতি নহ’লে সকলোৰে মংগল৷

কিন্তু সাধাৰণ জনতাৰ ভাৱত ওলট পালট লগাই দিলে ডিৱাই365 টিভি চেনেলে৷ সাংসদ বিজেপি নেতা আৰপি শৰ্মাই ষ্টিং অপাৰেশ্যনত কৈ দিলে- কোন মন্ত্ৰীৰ কিমান কমিছন? কোন মন্ত্ৰীয়ে নিজা মানুহৰ নামত ফাৰ্ম, এজেঞ্চী খুলি ব্যৱসায়/ঠিকা কৰিছে৷ কমিছনৰ আশাত সমষ্টিৰ ল’ৰাৰ পৰিৱৰ্তে বাহিৰৰ ল’ৰাক কাং দি কমিছনৰ অংকত লিপ্ত হৈছে৷ আনকি, কিছুমান নিবিদাৰ ক্ষেত্ৰত এনেকৈ প্ৰাককলন প্ৰস্তুত হৈছে, যাতে বাহিৰৰ কোটিপতি ঠিকাদাৰে কাম পায়৷ সমষ্টিৰ সৰু সৰু ঠিকাদাৰে কাম নাপায়৷ এনে অভিযোগৰ কথাও কৈছে বিজেপি নেতা আৰপি শৰ্মাই৷

এতিয়া কথা হ’ল- কংগ্ৰেছৰ দিনত অভিযোগ আছিল- দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ হৈছিল, পঞ্চায়ত পৰ্যায়লৈ দুৰ্নীতিৰ ধন গৈছিল, এতিয়া ৰাইজক দুৰ্নীতি নোহোৱা দেখুৱাই দুৰ্নীতিৰ কেন্দ্ৰীকৰণ কৰা হৈছে নেকি? মানে, মন্ত্ৰী-বিধায়কে কৌশলেৰে কমিছন লৈ আছে, লৈ থাকিব, সৰু সৰু ঠিকাদাৰ বিষয়াৰ দুৰ্নীতি কৰাৰ পথ বন্ধ কৰি৷ আমি সকলোপ্ৰকাৰৰ দুৰ্নীতি বন্ধ হোৱাটো আমি বিচাৰো৷ দুৰ্নীতি সৰু ডাঙৰ নাই৷ কিন্তু দেখাত পৰিৱৰ্তনৰ কথা কৈ, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ এতিয়া মন্ত্ৰীৰ জৰিয়তে দুৰ্নীতিৰ কেন্দ্ৰীকৰণৰ পথ প্ৰশস্ত কৰিছে নেকি? অৰ্থাৎ দুৰ্নীতি কৰাৰ ষ্টাইল কংগ্ৰেছৰ দিনতকৈ সলনি হ’ল? আগতে সৰু বৰ বেছিভাগেই কৰিছিল, এতিয়া দুৰ্নীতি, কমিছনৰ পেটেণ্ট কেৱল মন্ত্ৰীৰ৷ আৰ পি শৰ্মাৰ অভিযোগে এনেবোৰ ভাৱৰ বুৰবুৰণিৰ সৃষ্টি কৰিছে সাধাৰণ মানুহৰ মাজতো৷

সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল- সাধাৰণ মানুহৰ মাজলৈ টকা যোৱাৰ পথ একপ্ৰকাৰ বন্ধ হৈছে- অৰ্থনৈতিক গতিশীলতাত কৰ’বাত গতিৰোধক লাগিছে৷ গতিকে, সাধাৰণ মানুহৰ হাতত টকা নাই৷ চৰকাৰী বহু আঁচনিৰ টকা মোকলাই দিয়া নাই বুলি অভিযোগ আছে৷ এনে অৱস্থাত ৰাজ্যৰ অন্য সমস্যাবোৰ আছেই৷ এনে অৱস্থাত মানুহে অধিক বিশ্বাসস্থাপন কৰা মুখ্যমন্ত্ৰী সোণোৱালৰ অগ্নিপৰীক্ষা আহিছে, দুৰ্নীতিৰ কেন্দ্ৰীকৰণ বন্ধ কৰি এটা দৃষ্টান্ত কিয় দেখুওৱা নাই‍! যদি সোণোৱাল ডাঙৰীয়াই এনে দৃষ্টান্ত দেখুৱাব নোৱাৰে, তেতিয়া সন্দেহৰ আঙুলি হয়তো মুখ্যমন্ত্ৰীগৰাকীলৈও যাব৷ গতিকে, সঁচাকৈয়ে এতিয়া চিন্তাৰ কাৰণ দুৰ্নীতি বন্ধ হ’ব নে নাই৷

এতিয়া দুৰ্নীতি দেখুৱালে ডিৱাই 365য়ে৷ প্ৰমাণ কৰাৰ দায়িত্ব চৰকাৰেহে ল’ব লাগিব৷ তদন্তৰ নিৰ্দেশ চৰকাৰে দিব লাগিব৷ তাকে নকৰি, কংগ্ৰেছৰ দিনৰ দৰে, দুৰ্নীতি ক’ত হৈছে প্ৰমাণ দিয়ক বুলি বহি থাকিলে কংগ্ৰেছ-বিজেপিৰ বিশেষ পাৰ্থক্য নাথাকিব৷ বিজেপি দলৰ স্থিতিও বৰ সুবিধাজনক নহয়, চৰকাৰ-বিজেপি দলে বিচাৰিছে প্ৰমাণ দিয়ক, অভিযোগ দিয়ক, এইবোৰ কথা বিজেপি নেতাৰ মুখত শোভা নাপায়৷ দুৰ্নীতিৰ কথাও পোহৰলৈ আনিব টিভিয়ে, অভিযোগো দিব লাগিব টিভিয়ে৷ চৰকাৰখন পাতিলে কেলেই ৰাইজে? সকলো দায়িত্ব টিভি চেনেলকে দি চৰকাৰ ৰৈ থাকিব নেকি?

অভিযোগ উঠা সাধাৰণ মানুহৰ বিৰুদ্ধে, সাধাৰণ বিষয়াৰ বিৰুদ্ধে যদি চৰকাৰ কঠোৰ হ’ব পাৰে, ৰৌ বৰালি বিষয়াৰ বিৰুদ্ধে নৰম বুলি বু বু বা বা চলে৷ এইবোৰ বাৰু থাকক, কিন্তু আৰপি শৰ্মাৰ অভিযোগৰ পিছত এটা কথা স্পষ্ট- দুৰ্নীতি চলি আছে, তাত কোনো সন্দেহ নাই, দুৰ্নীতিৰ ষ্টাইল পিছে সলনি কৰাত সফল হৈছে চৰকাৰখন৷ শেহতীয়া খবৰ মতে, সাংসদ আৰ পি শৰ্মাই অনা অভিযোগৰ পিছত বিশ্বনাথ জিলাত সাংসদ শৰ্মাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে বিশ্বনাথ জিলা বিজেপিয়ে৷ অভিযোগৰ সত্যতা নিৰূপণৰ আগ্ৰহ বিজেপিৰো নাই, তাকে নকৰি অভিযোগকাৰীৰ প্ৰৱেশত ফটোৱা জাৰী কৰাটো কিমান যুক্তিসংগত? আৰ পি শৰ্মা কিমান মহান আমি নাজানো, কিন্তু উত্থাপিত অভিযোগবোৰৰ সত্যতা প্ৰমাণ কৰাৰ নিশ্চয় প্ৰয়োজন আছিল৷

এতিয়া ষ্টিং অপাৰেশ্যনৰ দ্বিতীয় খণ্ডত নাম ওলাইছে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ৰিহণ দৈমাৰী আদিৰো নাম৷

গতিকে, সময় থাকোতেই মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া কিমান নিকা সেইটো প্ৰমাণ কৰাৰ অগ্নিপৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব মুখ্যমন্ত্ৰীগৰাকী৷ নহ’লে কংগ্ৰেছৰ দুৰ্নীতিৰ বিপৰীতে বিজেপিৰ দুৰ্নীতিৰ কেন্দ্ৰীকৰণৰ বাবে জবাবদিহি হ’ব সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনেই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close