অসম
সৰ্থেবাৰীৰ ৰামপুৰত ফুটবল প্ৰতিযোগিতাত কাইলৈৰ খেল জুবিন একাদশ বনাম আৰ এচ এ

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ: বহৰি ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰামপুৰ ক্ৰীড়া সন্থাৰ সহযোগত সৰ্থেবাৰীৰ নিকটবৰ্ত্তী ৰামপুৰৰ ৰামপুৰ হাইস্কুল খেলপথাৰত চলি থকা স্বৰ্গীয় সোণাৰাম কলিতা আৰু কৃষ্ণকান্ত ৰয় সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ এখন খেলত কাইলৈ জুবিন একাদশ আৰু আৰ এচ এ (ৰামপুৰ) দলে অংশগ্ৰহণ কৰিব। সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ফুটবল খেলখনত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।