অসমশীৰ্ষ

হাওঁফাওঁৰ জটিল ৰোগত আক্রান্ত শিৱসাগৰৰ পৱন

গৌৰীসাগৰৰ পৰা প্ৰান্তিক শৰ্মা, প্ৰথম খবৰ: পৱন দাস নামৰ যুৱকজনৰ ঘৰ শিৱসাগৰ নগৰৰ সমীপৰ পানবেচা গড়কোষত। বিগত ৬ টা মাহ ধৰি তেওঁ বিচনাত পৰি আছে। হাওঁফাওঁৰ জটিল ৰোগত আক্ৰান্ত তেওঁ। দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা ধন তেওঁৰ পৰিয়ালে যোগাৰ কৰিব পৰা নাই।

৮ মাহ পূৰ্বে যুৱকজন বিবাহ পাশত আবদ্ধ হৈছিল। বিবাহৰ দুমাহ পাছতেই যুৱকজনৰ শৰীৰত জটিল ৰোগে থিতাপি লোৱাৰ কথা পোহৰলৈ আহে। দিন হাজিৰ কৰি মাতৃ আৰু পত্নীৰ সৈতে কোনোমতে খাই বৈ থকা পৰিয়াল তোৰ হাতত নাই চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা ২ লাখ টকা।

উপায়হীন হৈ পৰিয়ালটোৱে চৰকাৰ আৰু ৰাইজৰ সমুখত সহায় ভিক্ষা কৰাৰ বাবে কাষ চাপিল সংবাদ মাধ্যমৰ। কোনো হৃদয়বান লোকে পৰিয়ালটিৰ একমাত্ৰ উপাৰ্জন ক্ষম যুৱকজনৰ জীৱন ৰক্ষাৰ বাবে যদি সহায় কৰিব বিচাৰে তেন্তে ৮১৩৬০৬৬৭২৮ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে অথবা অসম গ্ৰামীণ বিকাশ বেংকৰ শিৱসাগৰ শাখাত ভাতৃ প্ৰদীপ দাসৰ নামত থকা ৭১৯১০১৯০৫৯৫১৩ একাউণ্টত ধন জমা দিব পাৰে। আপোনাৰ সামান্য সঁহাৰিয়ে সলনি কৰিব পাৰে যুৱকজনৰ ভৱিষ্যত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close