অসম

হেলেম ৰে’লৱে ষ্টেচনত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, হেলেম: গহপুৰ মহকুমাৰ হেলেম থানাৰ অন্তৰ্গত হেলেম ৰে’লৱে ষ্টেচনত আজি পুৱা এটি মৃতদেহ উদ্ধাৰক লৈ ব্যাপক চাঞ্চল্য অব্যাহত আছে ৷ মৃতদেহটি হেলেম চাহ বাগিছাৰ ২ নং লাইনৰ নিবাসী বেঞ্জামিণ লগুনৰ তৃতীয় পুত্ৰ কুশল লগুনৰ (২৫) বুলি জানিব পৰা গৈছে ৷

মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও ৰে’লৰ খুন্দাত যুবক জনৰ মৃত্যু হৈছে বুলি বিভিন্নজনে মত ব্যক্ত কৰিছে ৷ আনহাতে কোনো কোনোৱে এয়া এক হত্যাকাণ্ড বুলিও সন্দেহ প্ৰকাশ কৰিছে ৷ নিজ ঘৰখনৰ অজ্ঞাতে যুৱকজনে ঘৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত অৱস্থিত হেলেম ৰে’লৱে ষ্টেচনলৈনিশা কি উদ্যেশ্যৰে গৈছিল তাৰ কাৰণ এতিয়াও সন্দেহৰ আৱৰ্তত আছে ৷ দূৰ ঘটনা, আত্মহত্যা নে ই এক পৰিকল্পিত হত্যাকাণ্ড সেই লৈ এতিয়া অঞ্চলবাসীৰ মাজত এক চেপা উত্তেজনা বিৰাজমান হৈ আছে ৷ ইতিমধ্যে হেলেম থানাই মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে ৷

Related Articles

Leave a Reply

Close