অসম

১৬ নৱেম্বৰত নাজিৰা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তীৰ সামৰণি

শিমলুগুৰিৰপৰা নেকিবুল হক, প্ৰথম খবৰ: নাজিৰা মহকুমাৰ সংবাদকৰ্মীসকলৰ অন্যতম সংগঠন নাজিৰা প্ৰেছ ক্লাৱৰ বৰ্ষজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী অনুষ্ঠানৰ ১৬ নৱেম্বৰত সামৰণি পৰিব। সামৰণি অনুষ্ঠানৰ লগতে জাতীয় প্ৰেছ দিবসো উদযাপিত হ’ব। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত সভাপতিত্ব কৰিব শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ণ মেলাং কোঁৱৰে। মুখ্য অতিথি হিচাবে অংশ ল’ব অসমৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই।

মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব দৈনিক জনমভূমি কাকতৰ সম্পাদক উৎপল বৰুৱাই। ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰিবলৈ লোৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। সভাত সোণাৰি আৰু মাহমৰা সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে তপন কুমাৰ গগৈ আৰু যোগেন মোহনৰ লগতে কেইবাগৰাকীও শিল্পী সাহিত্যিকে বিশিষ্ট অতিথি হিচাপে যোগদান কৰিব ।

ৰূপালী জয়ন্তী আৰু জাতীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি এইবাৰ নাজিৰা প্ৰেছ ক্লাৱে প্ৰয়াত সাংবাদিক ইনামূল মজিদ খানৰ সোঁৱৰণত ১৬ নৱেম্বৰৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ শিৱসাগৰ জিলা ভিত্তিত মুকলি সমবেত সংগীত প্ৰতিযোগিতা আয়োজন কৰিছে।

প্ৰতিযোগিতাত অংশলবলৈ বিচৰা দলসমূহে অহা ৪ নৱেম্বৰৰ ভিতৰত যোগদান নিশ্চিত কৰিব লাগিব। বাদ্যযন্ত্ৰীসহ প্ৰতিযোগী দলৰ সদস্য সংখ্যা ১০ গৰাকীৰ অধিক হ’ব নোৱাৰিব। অধিক তথ্যৰ বাবে ইচ্ছুক প্ৰতিযোগী দলসমূহে ৯৮৫৪১০৫৬৯২ , ৯৪০১২০১৪৮১ আৰু ৯৬১৩৩৪৪৩৩৯ ভ্ৰাম্যভাষত যোগাযোগ কৰিব পাৰিব । নাজিৰা নাট্যমন্দিৰত অনুষ্ঠিত হ’ব লগা নাজিৰা প্ৰেছ ক্লাৱৰ এই বিশেষ কাৰ্যসূচী সফল কৰি তোলাত সহায় কৰিবলৈ নাজিৰা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক অনুজ ৰাজখোৱাই সমূহ ৰাইজক আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close