অসম

১৭ অক্টোবৰত কলগাছিয়া দক্ষিণ ৰূপসী সমবায় সমিতি লিমিটেডৰ সঞ্চালক মণ্ডলীৰ নিৰ্বাচন

কলগাছিয়াৰ পৰা ৰকিবুল হাছান, প্ৰথম খবৰ: অহা ১৭ অক্টোবৰত অসম সমাবয় সমিতি আইন ২০০৭ আৰু সংশোধনী আইন ৪, ২০১২ অনুসৰি বৰপেটা জিলাৰ কলগাছিয়াৰ দক্ষিণ ৰূপসী সমাবয় সমতি লিমিটেডৰ সাধাৰণ সভা ও সঞ্চালক মণ্ডলীৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি দক্ষিণ ৰূপসী সমবায় সমিতিৰ বিভাগীয় সভাপতি মঃ চাহাবুদ্দিন আহমেদ আৰু সম্পাদক আজিজুৰ ৰহমানে এক বিবৃতিযোগে জানিবলৈ দিয়ে। বিবৃতিত উল্লেখ কৰা মতে, সঞ্চালক মণ্ডলীৰ সদস্যৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব খোজা অংশীদাৰ সকলে ৭ অক্টোবৰত সমিতিৰ কাৰ্য্যালয়ৰ পৰা ৰাতিপুৱা ৯ বজাৰ পৰা ১০ বজালৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰি একে দিনাই ৰাতিপুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব আৰু একে দিনাই নিৰ্বাচনী বিষয়াই প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰি বৈধতাও ঘোষণা কৰিব।

সঞ্চালক মণ্ডলীৰ মুঠ ১৫ টা সদস্য পদৰ প্ৰাৰ্থীৰ ১২ টা সাধাৰণ শ্ৰেণীৰ সদস্য পদৰ প্ৰাৰ্থীৰ বাবে প্ৰতিজন প্ৰাৰ্থীয়ে ৩০০০/-( তিনি হেজাৰ) টকাকৈ, ২ গৰাকী মহিলা (সংৰক্ষিত) সদস্যা পদৰ প্ৰাৰ্থীৰ বাবে ২০০০/- (দুই হেজাৰ) টকাকৈ আৰু অনুসূচীত জাতিৰ পৰা ১ জন (সংৰক্ষিত) সদস্য পদৰ বাবে প্ৰতিদ্বন্দিতা কৰা কৰা প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ লগতে ১০০০/- টকাকৈ সমিতিৰ উন্নয়ণৰ স্বাৰ্থত জমা দিব লাগিব যদিও মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা প্ৰাৰ্থীকহে মাচুল ঘূৰাই দিয়া হ’ব বুলি বিবৃতিত উল্লেখ। কেৱল সমিতিৰ অংশীদাৰ সকলে ভোটদান কৰিব পাৰিব যদিও নিৰ্বাচনৰ দিনা ভোটদান প্ৰক্ৰিয়া ৰাতিপুৱা ১০ বজাৰ পৰা আবেলি ৫ বজালৈ চলিব বুলি সমিতিৰ অংশীদাৰ তথা এই অঞ্চলৰ ৰাইজৰ উদ্দেশ্য বিবৃতিযোগে জানিবলৈ দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close