অসম

২০৫০ চনৰ ভিতৰত আলজাইমা বেমাৰত আক্ৰান্তৰ সংখ্যা ২০ মিলিয়নৰো অধিক হ’ব, নগাঁৱত অনুষ্ঠিত জোষ্ঠ নাগৰিক দিৱসৰ সভাত ডাঃ কৃষ্ণ বৰা

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: “বয়োজ্যেষ্ঠ সকল সমাজৰ বোজা নহয়। এইসকল আচলতে সমাজৰ সম্পদহে। এই সম্পদক আমি সৎ ব্যৱহাৰ কৰা উচিত।”–এই মন্তব্য বিশিষ্ট সমাজ সেৱক তথা অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া কৃষ্ণ বৰাৰ। আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে আজি নগাঁও চহৰৰ এলফিনিষ্টন সভাগৃহত অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি সু-চিকিৎসক কৃষ্ণ বৰাই এইদৰে মন্তব্য কৰি কয়- স্বাভাৱিকতে বয়োজ্যেষ্ঠসকলে বেছিকৈ পাহৰে। ই এক বাৰ্ধক্যজনিত বেমাৰহে। কিন্তু ইয়াক লৈ ঘৰখনৰ মাজত বহু সময়ত বয়োজেষ্ঠজনৰ সৈতে ভূল বুজা বুজিৰ সৃষ্টি হোৱাৰ লগতে জ্যেষ্ঠজন মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হ’বলগা হয়। পাহৰি যোৱাটো বিজ্ঞানৰ ভাষাত “আলজাইমা” বেমাৰ বুলি উল্লেখ কৰি চিকিৎসকগৰাকীয়ে কয়, সমগ্ৰ বিশ্বতে বৰ্তমান ১৫ মিলিয়ন এনে বেমাৰী আছে আৰু ইয়াক প্ৰতিকাৰৰ ব্যৱস্থা নল’লে ২০৫০ চনৰ ভিতৰত এই সংখ্যা ২০ মিলিয়নৰো অধিক হ’ব বুলি এক সমীক্ষাত প্ৰকাশ।

এই বেমাৰৰ প্ৰতিকাৰৰ ঔষধ নাই যদিও যোগাসানৰ দ্বাৰা কিছু পৰিমাণে হাত হাৰিব পাৰি  বুলি তেওঁ মন্তব্য কৰে। নগাঁও জিলা সমাজ কল্যাণ বিভাগ আৰু জিলাখনৰ দুই অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ক্ৰমে গ্ৰাম বিকাশ পৰিষদ, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সমন্বিত প্ৰচেষ্টাত অনুষ্ঠিত এই সভাত বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আব্দুল ছালামে অংশ লৈ কয়- অৱসৰৰ পিছত মানুহ সাধাৰণতে নামঘৰ, মছজিদত ব্যস্ত থাকে। সমাজৰ প্ৰতি দায়-দায়িত্ব নাই বুলি ভাৱে। জীৱনৰ শেষ বুলিও একাংশই কয়। আচলতে সেই সময়খিনিত বহু কৰনীয় আছে। বয়োজ্যেষ্ঠ সাংবাদিক তথা ক্ৰীড়া সংগঠক ৰাজেন বৰকাকতিয়েত কয়, জ্যেষ্ঠ নাগৰিক মানে বৃদ্ধ নহয়। বয়স সকলো কামৰ হেঙাৰ হ’ব নোৱাৰে। এই ক্ষেত্ৰত তেওঁ  মহা মানৱ মহাত্মা গান্ধীৰ প্ৰসংগ উল্লেখ কৰি কয়, গান্ধীৰ বয়সে ভাটি দিয়াৰ পিছতো দূৰন্ত তৰুণ গৰাকীয়ে স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিবলৈ সক্ষম হৈছিল।

অনুষ্ঠানটোত বিশিষ্ট সমাজ কৰ্মী পুনিৰাম শইকীয়াই কয়- সমবেত শক্তি থাকিলে কৰিব নোৱাৰা কাম একোৱেই নাই। আমাৰ মাজত যৌথ সমন্বয় হেৰাই যোৱাৰ বাবে সমাজখনত বৰ্তমান শান্তি-শৃংখলা নাইকিয়া হৈছে। ন-পুৰণি শক্তিয়ে মিলি এখন সুস্থ সমাজ গঢ় দিব লাগিব। গ্ৰাম বিকাশ পৰিষদৰ সম্পাদক ছিৰাজ উদ্দিন আহমেদে সঞ্চালনা কৰা সভাত জেষ্ঠ সাংবাদিক ডঃ আবু হানিফা, বিশিষ্ট লেখিকা ৰাবিয়া খানম, অৱসৰপ্ৰাপ্ত অধ্যক্ষ লুৎফুৰ ৰহমান, বিশিষ্ট অভিনেতা জ্ঞানদা বৰা,সমাজ কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া চিদানন্দ বৰা,সত্ৰাধিকাৰ. জিলা সমাজ বিষয়া দিপালী দেবী, গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক ভল্লদেৱ শৰ্মা, অধ্যাপক তফাজ্জল হুছেইন আদিকে ধৰি বহু কেইগৰাকী জ্যেষ্ঠ নাগৰিকে বক্তব্য আগবঢ়ায়। জ্যেষ্ঠ নাগৰিক দিৱসৰ লগত সংগতি ৰাখি সভাৰ শেষত বয়োজেষ্ঠসকলৰ বাবে এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close