শীৰ্ষৰাষ্ট্ৰীয়

২৩৫ কোটি টকা ব্যয় কৰি তাজমহল মেৰামতি কৰিব যোগী আদিত্যনাথে

নেশ্যনেল ডেস্ক, প্ৰথম খবৰ : ভাৰতৰ ঐতিহ্যমণ্ডিত তাজমহলৰ মেৰামতিৰ বাবে আগবাঢ়ি আহিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তাজমহল দৰ্শন কৰি কয়, “কি কৰি তাজমহলটো নিৰ্মাণ কৰা হৈছিল সেইটো ডাঙৰ কথা নহয়, ই ভাৰতীয় সংস্কৃতিৰ এটা অংগ।” যি সময়ত তাজমহলক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে তেনে সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এই পদক্ষেপক সকলোৱে শলাগিছে।
যোগী আদিত্যনাথে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কৈছে যে, ভাৰতৰ শ্ৰমিক সকলৰ ঘামৰ পৰিণতি হৈছে তাজমহল। ই আমাৰ ঐতিহ্য। গতিকে তাজমহলৰ মেৰামতি কৰিম বুলি ভাবিছোঁ। এই ক্ষেত্ৰত পৰ্যটনৰ দিশটোৰ লগতে যাবতীয় সকলো কাম-কাজৰ বাবে ২৩৫ কোটি টকাৰ প্ৰকল্প হাতত তুলি লৈছোঁ। ”
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ আশা যে তাজমহলটো সুন্দৰকৈ সজাই-পৰাই তুলিলে দেশৰ পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট লাভ হ’ব।

Related Articles

Leave a Reply

Close