অসমশীৰ্ষ

৬০০০ কোটি টকা ব্যয় সাপেক্ষে নামৰূপ সাৰ কাৰখানাত স্থাপন হ’ব চতুৰ্থটো উৎপাদন গোট

প্ৰথম খবৰ, নামৰূপ: আজি নামৰূপস্থিত অসম পেট্ৰ কেমিকেল লিমিটেডৰ দৈনিক ৫০০ টন মিথানল উৎপাদন ক্ষম সম্প্ৰসাৰণ গোটৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এ পিএল ৰ আৱাসিক এলেকাত বিয়লি ৪.৩০ বজাত অনুষ্ঠিত শুভাৰম্ভ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় শান্তি অবিহনে প্ৰগতি অসম্ভৱ আৰু ৰাইজৰ সহযোগ অবিহনে উন্নতি আধৰুৱা হৈ ৰ’ব।

দক্ষতা, দৃঢ়তা, একাগ্ৰতাক সমল হিচাপে লৈ উঠি অহা প্ৰজন্মৰ দক্ষতাক প্ৰতিষ্ঠা কৰিবলৈ ৰাজ্যৰ উদ্যোগ খণ্ডৰ উন্নতি তৰাম্বিত কৰাৰ মানসেৰে আজি এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভ কৰিবলৈ লৈছোঁ। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় দুশ বছৰীয়া চাহ উদ্যোগৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰি লাভ জনক উদ্যোগ হিচাপে গঢ়াৰ সংকল্প লৈছে চৰকাৰে। বিগত ৭০বছৰে দেশ খন বহু পিছপৰি গ’ল। সেয়ে সম্প্ৰতি দেশৰ প্ৰধান মন্ত্ৰীয়ে Act East পলিছিৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সেউজীয়া বাতাবৰণ জীয়াই ৰাখি শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছে বুলি ভাষণত মুখ্যমন্ত্ৰীয়ে কয়। সেয়ে দেশ বিদেশৰ বিনিয়োগকাৰী সকল আগবাঢ়ি আহিছে অসমত বিনিয়োগ কৰিবলৈ।

নামৰূপ সাৰ কাৰখানা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বিগত চৰকাৰখনে নামৰূপ সাৰ কাৰখানাৰ বিষয়টো বহুত আউল লগাই থৈ গ’ল সেয়েহে বিষয়টোৰ অগ্ৰগতিতত অলপ সময়ৰ প্ৰয়োজন হৈছে। লগতে নামৰূপ সাৰ কাৰখানাত শীঘ্ৰে ৬০০০ কোটি টকা ব্যয় সাপেক্ষে চতুৰ্থটো উৎপাদন গোটৰ আধাৰ শিলা স্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত হোৱা ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাষণত কয় মুখ্য মন্ত্ৰীয়ে এ পিএল ৰ প্ৰকল্পটো স্থাপনৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সভাৰ আদৰণি ভাষণ প্ৰদান কৰে উদ্যোগটোৰ পৰিচালন সঞ্চালক ৰাতুল বৰদলৈয়ে আৰু উদ্দেশ্য ব্যাখ্যা কৰে উদ্যোগটোৰ অধ্যক্ষ জগদীশ ভূঞাই। সভাত সাংসদ ৰামেশ্বৰ তেলী, স্থানীয় বিধায়ক নৰেন সোনোৱাল, তিনিচুকীয়া, সোণাৰি, থাওৰা, মাহমৰা, মৰান, দুলিয়াজান, ডিগবৈ, নাহৰকটীয়াৰ বিধায়ক সভাত উপস্থিত থাকে। শেষত সৰ্বাধিক ৰাইজ উপস্থিত হোৱা সভাখনত বিজেপি ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰঞ্জিত বৰুৱাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close