অসম

৭০ লাখ টকীয়া বাজেটেৰে হাউলীত ৰাস মহােৎসৱৰ বিশাল আয়োজন

প্ৰথম খবৰ, বৰপেটাৰোড: ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে বৰপেটা জিলাৰ হাউলিতো বর্ণাঢ্য কার্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। ইতিহাস প্রসিদ্ধ ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ ‘ৰাজ হাউলী’ বর্তমানৰ হাউলীত ৩ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ ১৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৯০ সংখ্যক ৰাস মহােৎসৱ পালন কৰা হ’ব।

ৰাস মহােৎসৱ উপলক্ষে কালি সন্ধিয়া ৬ বজাত হাউলী ৰাস মন্দিৰ প্ৰাংগণত হাউলী ৰাস মহােৎসৱ উদযাপন সমিতিয়ে এখন সংবাদ মেলৰ আয়োজন কৰে। ৰাস মহােৎসৱৰ উদযাপন সমিতিৰ সভাপতি ড° ভগীৰথ নাথে ৰাস মহােৎসৱৰ প্ৰস্তুতি সম্পর্কে বিতংভাৱে ব্যাখ্যা কৰি কয় যে, এইবছৰ ৰাস মহােৎসৱ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ৯০ জনীয়া এখন সমিতি গঠন কৰাৰ উপৰি ৫ জন কার্যালয় সম্পাদক আৰু ১৬খন বিভিন্ন উপ-সমিতি গঠন কৰা হৈছে। সভাপতিগৰাকীয়ে কয় যে, ৰাস মহােৎসৱৰ বাজেট প্রায় ৭০ লাখ টকা। ৰাস মহােৎসৱত প্রায় ৪০০টা মৃন্ময় প্রতিমা আৰু প্রায় ১০টা বৈদ্যুতিক প্রতিমা নির্মাণ কৰি উলিওৱা হৈছে। গুৱাহাটীৰ চাৰুবালা মহাবিদ্যালয়ৰ পৰা অহা শিল্পী হৰেকৃষ্ণ তালুকদাৰ আৰু পাপু ঘোষৰ তত্ত্বাৱধানত বৃন্দাবন আৰু ৰংগমঞ্চৰ গুহা তৈয়াৰ কৰা হ’ব। মৃন্ময় শিল্পী প্রদীপ পালৰ তত্ত্বাৱধানত প্রতিমাসমূহ সাজি উলিওৱাৰ যো-জা কৰা হৈছে। হাউলী ৰাস মন্দিৰৰ কাষতে থকা পুখুৰীত ৩৫ ফুট ওখ ৰাধাকৃষ্ণৰ যুগল ভাস্কর্য, আটক ধুনীয়া বৃন্দাৱন, মদন মোহন কীৰ্তনঘৰৰ ৰংগমঞ্চত গুহাৰ ভিতৰত কৃষ্ণ-জাম্বোৱন্তৰ যুদ্ধ আৰু অসমখনত বর্তমান চলি থকা খণ্ড খণ্ড কৰাৰ প্ৰৱণতাৰ প্ৰতিফলন ৩ ডি শৈলীত নির্দেশনা দাঙি ধৰাৰ বাবে ভাস্কর্যশিল্পীসকলে দিনে-নিশাই ব্যস্ত হৈ পৰিছে।

এইবাৰ হাউলী ৰাস মহােৎসৱ নিশাৰ ভাগত বিজুলী চমকনিৰে আলোকিত কৰাৰ বাবে শিলিগুৰীৰ বিজুলীৰ স্বত্বাধিকাৰী কমল অধিকাৰীৰ লগত চুক্তিবদ্ধ হৈছে। গ্রন্থমেলা আৰু প্রদর্শনী বিভাগত প্রায় ২৫ খনমান গ্রন্থ বিপণী থাকিব। প্রদর্শনীত থাকিব আর্ট-গেলাৰী, বাহৰ মূৰাৰে তৈয়াৰী বিভিন্ন সামগ্ৰী, ঔষধজাতীয় বিভিন্ন গছ-লতাৰ লগতে স্থানীয় বাপ-বান্ধৱ সংঘৰ দ্বাৰা ড° ভূপেন হাজৰিকাৰ বিভিন্ন চিত্র প্রদর্শন কৰা হ’ব।ৰাস মহােৎসৱৰ উদযাপন সমিতিৰ উপদেষ্টা লক্ষীকান্ত দাস,উপ-সভাপতিদ্বয় তৰুণ নাথ আৰু খনীন বায়ন,সাধাৰণ সম্পাদক উৎপল নাথ,প্ৰচাৰ সমিতিৰ সভাপতি ৰত্নেশ্বৰ তালুকদাৰ প্রমুখ্যে ভালেমান বিষয়ববীয়া উপস্থিত থকা সংবাদমেল খনিত নিৰাপত্তাৰ বিষয়টো উল্লেখ কৰি সভাপতি গৰাকীয়ে কয় যে চি চি টিভি কেমেৰাৰ উপৰি আৰক্ষী-নিৰাপত্তাৰক্ষী আৰু প্রতিদিনে ৩০০ স্বেচ্ছাসেৱকে নিৰাপত্তাৰ দিশটাে চোৱাচিত কৰিব।

৩ নৱেম্বৰৰ পুৱা ৮ বজাত ধৰ্মধ্বজ উত্তোলন কৰিব বজালীৰ গোবিন্দ ভৱন গীতা সত্ৰৰ সত্ৰাধিকাৰ মথুৰা মোহন তালুকদাৰে, আবেলি ৪.৩০ বজাত হাউলী ৰাস মহােৎসৱৰ সভাপতি ড° ভগীৰথ নাথে পতাকা উত্তোলন কৰিব, আবেলি ৪.৪৫ বজাত স্মৃতি তৰ্পণ, সন্ধিয়া ৫ বজাত ছহিদ তৰ্পণ, সন্ধিয়া ৫.৩০ বজাত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব। সন্ধিয়া ৬ বজাত বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকৰে আনুষ্ঠানিকভাৱে ৰাস মহােৎসৱৰ দ্বাৰ মুকলি কৰিব। ইয়াৰ পিছতে বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্রনাথ দাসে গ্রন্থমেলা আৰু প্রদর্শনীৰ দ্বাৰ মুকলি কৰিব। সন্ধিয়া ৭.৩০ বজাত উদ্বোধনী সভা, সম্বর্ধনা অনুষ্ঠান আৰু স্মৃতিগ্রন্থ ‘মূৰলী’ উন্মোচন কৰা হ’ব।

স্মৃতি গ্রন্থ উন্মোচন কৰিব মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে। সভাত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰিব অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড° লক্ষ্মীনন্দন বৰা, সন্মানীয় অতিথি ৰিহণ দৈমাৰী, ৰঞ্জিত কুমাৰ দাস, কুমাৰ দীপক দাস আৰু সঞ্জীৱ কুমাৰ গগৈ, বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যই। ইয়াৰ পিছতে আতচবাজী প্রদর্শন কৰা হ’ব। নিশা ১০ বজাত “বিকশিত বৃন্দাবন’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰিব হাউলীৰ শংকৰী সত্ৰীয়া সংগঠিত বিদ্যালয়ে। ৰাস মহােৎসৱৰ লগতে বিভিন্ন সাংস্কৃতিক প্রতিযোগিতা আয়ােজন কৰা হৈছে। ১৭ নৱেম্বৰত পুৱাৰ ভাগৰে পৰা নাম-প্ৰসংগ কৰি সন্ধিয়া ৫ বজাত মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হ’ব।

এই সভাত অতিথি হিচাপে উপস্থিত থাকিব প্রফুল কুমাৰ মহন্ত, নৱকুমাৰ দলে, জয়ন্তমল্ল বৰুৱা, পালিত বৰা, সত্য নাথ দাস আৰু নিতুমণি শইকীয়া। এই সভাত ডাইনী হতাৰ বিৰুদ্ধে যুঁজ দিয়া মহিলা সমাজ সংস্কাৰক ড° বীৰুবালা ৰাভাক ‘হাউলী বঁটা ২০১৭৷” প্রদান কৰা হ’ব। নিশা সাংস্কৃতিক সমাৰােহৰ অনুষ্ঠান উদ্বোধন কৰিব বলীউডৰ বিখ্যাত সংগীত পৰিচালকদ্বয় জিতু-তপনে। সাংস্কৃতিক সমাৰােহত গীত পৰিৱেশন কৰিব মুম্বাইৰ প্রতিষ্ঠিত শিল্পী সায়ম পালৰ লগতে অসমৰ জনপ্রিয় শিল্পী নীল আকাশ আৰু সুবাসনা দত্তই।

Related Articles

Leave a Reply

Close