অসমশীৰ্ষ

ৰংজুলিত অবৈধ কাঠ সহ পিকআপ ভান জব্দ বন বিভাগৰ

ৰংজুলিৰ পৰা কল্যান ৰয়, প্ৰথম খবৰ: সম্প্ৰতি গোৱালপাৰা জিলাখনত চলি আছে বনজ সম্পদ ধ্বংস কাৰ্য৷ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল সমূহতো চোৰাং ব্যৱসাসীসকলে চলাই গৈছে এনে বনধ্বংস কাৰ্য ৷ বুধবাৰে নিশা আভিযান চলাই শালকাঠৰ সৈতে এখন বলেৰ’ পিকআপ ভান জব্দ কৰিবলৈ সক্ষম হয় বনকৰ্মীয়ে৷ জব্দ কৰা গাড়ী খনৰ পঞ্জীয়ন নম্বৰ ML-13 -1293।

শিমলীতোলাত অঞ্চলত জব্দ কৰে অবৈধ কাঠ ভৰ্ত্তি গাড়ীখন। ৰংজুলিৰ বনকৰ্মী সকলেও ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে চোৰাং কাঠ সৰবৰাহ আৰু ব্যৱসায়ৰ বিৰুদ্ধে৷ জব্দ কৰা বলেৰ’ পিকআপখন শালকাঠৰ কুণ্ডাৰ সৈতে ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ত ৰাখিছে বনকৰ্মী সকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close