অসম

 ৰংজুলিৰ দোসীমাত এটা পিষ্টল আৰু এটা মেগজিন উদ্ধাৰ

ৰংজুলিৰ পৰা কল্যাণ ৰয়, প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ ৰংজুলিত আজি ৰাতিপুৱাই উদ্ধাৰ কৰা হয় এটা পিষ্টল আৰু মেগজিন। সন্দেহ যুক্ত আলফা সদস্য সীমান্ত ৰাভা আৰু কুশ ৰাভাৰ দ্বাৰা দোসীমাৰ এখন বাৰীৰ জংঘলত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় এই পিষ্টল আৰু মেগজিন।

অসম আৰক্ষী আৰু মেঘালয় আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ এই মাৰণাস্ত্ৰ। উল্লেখযোগ্য যে, ১ অক্টোবৰত ঘৰৰ পৰা কৰায়ত্ব কৰিছিল সীমান্ত ৰাভাক। আনহাতে, আন এগৰাকী লিংকমেন কুশ ৰাভাক দোসীমাৰ লক্ষ্মী পূজাৰ অনুষ্ঠানৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

আজি এই দুগৰাকী সন্দেহযুক্ত আলফাক লগত লৈ পিষ্টল আৰু মেগজিনটো উদ্ধাৰ কৰে। জানিব পৰা মতে, সীমান্ত ৰাভা আৰু কুশ ৰাভাৰ সহযোগতে মেঘালয়ৰ বাঘমাৰাৰ পৰা জি এন এল এ’ সদস্য পিলাৰ এ চাংমাকো গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে। ইপিনে এই সন্দৰ্ভত ৰংজুলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই মুখ খুলিব বিচৰা নাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close