Home / অসম / ৰঙাচাহী প্ৰগতি ৰংগমঞ্চত ৩ দিনীয়াকৈ ৰাস মহোৎসৱ, শূন্যত হ’ব জীৱন্ত চক্ৰবাত- কৃষ্ণৰ তয়াময়া ৰণ

ৰঙাচাহী প্ৰগতি ৰংগমঞ্চত ৩ দিনীয়াকৈ ৰাস মহোৎসৱ, শূন্যত হ’ব জীৱন্ত চক্ৰবাত- কৃষ্ণৰ তয়াময়া ৰণ

নিউজ ডেস্ক, প্ৰথম খবৰ: দ্বিতীয় বৃন্দাবনৰ ৰূপ পাবলৈ গৈ আছে নদী দ্বীপ মাজুলীয়ে। মাজুলীৰ চৌদিশে এতিয়া খোল তালৰ অমীয়া সুৰ। কৃষ্ণ বন্দনাৰে মুখৰ সত্ৰ নগৰী। কাৰন ৩ নবেম্বৰৰ পৰা মাজুলীত অনুষ্ঠিত হব ৰাস মহোৎসৱ। কৃষ্ণ প্ৰেমী অতিথিক আদৰিবলৈ সাজু হৈছে দ্বীপবাসী। পূৰ্ণ গতিত চলিছে ৰাসৰ আখৰা। সোনালী জয়ন্তী বৰ্ষ গৰকা ৰঙাচাহী প্ৰগতি ৰংগমঞ্চই বহু কেইটা নতুন কাৰিকৰী চমকেৰে এইবাৰ ৩,৪ আৰু ৬ নৱেম্বৰত অনুষ্ঠিত কৰিব শ্ৰী কৃষ্ণৰ সম্পুৰ্ণ ৰাসলীলা। কৃষ্ণ আৰু চক্ৰবাত অসুৰৰ ৰূপত জীৱন্ত মানুহক শূন্যত উৰুৱাই সমগ্ৰ মাজুলীতে আলোড়ন সৃষ্টি কৰি আহিছে ৰঙাচাহী প্ৰগতি ৰংগমঞ্চৰ শিল্পী কলা কুশলী সকলে। ব্যতিক্ৰম নহয় এইবাৰো। উৰন্ত বকাসুৰ, শূণ্যত জীৱন্ত কৃষ্ণ – চক্ৰবাত অসুৰৰ তয়া ময়া ৰন হব ৰঙাচাহী প্ৰগতি ৰংগমঞ্চৰ ৰাসোৎসৱৰ মুখ্য আকৰ্ষণ। এই কথা জানিবলৈ দিছে ৰাস উদযাপন সমিতিৰ সম্পাদক প্ৰতীম নাথে। ৰাসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়ত এতিয়া সম্পূৰ্ণ আধ্যাত্মিকতা বজাই ৰাখি মুখা শিল্প আৰু কাৰিকৰী কৌশলেৰে ৰাইজৰ হৃদয় জিনিবলৈ সাজু হৈছে শিল্পী সকল। সেয়েহে ৰাসোৎসৱৰ তিনিওটি দিনৰ কাৰ্যসূচীত সমূহ দৰ্শকৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*