Home / অসম / ৰঙিয়াত ভয়াৱহ অগ্নিকাণ্ড, লক্ষাধিক মূল্যৰ সামগ্ৰী ক্ষতিগ্ৰস্ত

ৰঙিয়াত ভয়াৱহ অগ্নিকাণ্ড, লক্ষাধিক মূল্যৰ সামগ্ৰী ক্ষতিগ্ৰস্ত

প্ৰথম খবৰ, ৰঙিয়া: পোহৰৰ উৎসৱ দীপাৱলীৰ উৎসাহ উদ্দীপনাৰ মাজতে  ৰঙিয়া নগৰৰ  অৰ্ধ-সাপ্তাহিক বজাৰস্থিত এখন তুলাৰ দোকানত  আজি পুৱা সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চ্যল্যৰ সৃষ্টি কৰে। প্ৰাপ্ত তথ্য মতে, আফজাল হুছেইন নামৰ ব্যৱসায়ীজনৰ দোকানত অপ্ৰত্যাশিত ভাবে দাউ দাউকৈ জ্বলি উঠা জুইৰ লেলিহান শিখাই মুহূৰ্তৰ ভিতৰতে সমগ্ৰ দোকানখন আগুৰি ধৰে। লগে লগে স্থানীয় প্ৰত্যক্ষ দৰ্শীয়ে অগ্নি নিৰ্বাপন কৰাৰ চেষ্টা চলাই যদিও বিফল হয়। পাছত ঘটনা সন্দৰ্ভত ৰঙিয়া নগৰস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত অৱগত কৰাত  অগ্নি নিৰ্বাপক বাহিনীৰ লোকে দুখনকৈ গাড়ীৰে আহি অগ্নি নিৰ্বাপন  কৰিবলৈ সক্ষম হয়।

উক্ত  অগ্নিকাণ্ডত দোকানখনৰ প্ৰায় লক্ষাধিক মূল্যৰ সামগ্ৰী ভস্মীভূত হয় বুলি ধাৰণা কৰা হৈছে। দীপাৱলী উপলক্ষে জ্বলোৱা  ফটকাৰ ফিৰিঙতিৰ পৰা অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*