প্ৰথম খবৰ, ৰঙিয়া: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে কামৰূপ আৰু নলবাৰী জিলাৰ উচ্চতৰ মাধ্যমিক শাখাৰ শিক্ষক সকলৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাখন উদ্বোধন কৰে ৰঙিয়াৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে।
কৰ্মশালাত উচ্চতৰ মাধ্যমিক শিক্ষা সচিব কমল গগৈ, অনুৰূপা চৌধুৰীৰ লগতে কেইবাগৰাকী শিক্ষক সমল ব্যক্তি হিচাবে উপস্থিত থাকে। কৰ্মশালাত দুয়োখন জিলাৰ শতাধিক শিক্ষক শিক্ষয়িত্ৰী অংশগ্ৰহণ কৰে।