অসম

ৰঙিয়াৰ নকুলত উদণ্ড যুৱকৰ চুৰিকাঘাটত এজন যুৱক গুৰুতৰভাৱে আহত 

প্ৰথম খবৰ, ৰঙিয়া: ৰঙিয়া থানাৰ অন্তৰ্গত নকুলত উদণ্ড যুৱকৰ ছুৰিকাঘাতত এজন যুৱক গুৰুতৰভাৱে আহত হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, ৰঙিয়াৰ নকুলৰ উদণ্ড যুৱক হিচাপে পৰিচিত খচনুৰ আলী ওৰফে  কলাৰ ছুৰিকাঘাতত গুৰুতৰভাৱে আহত হয় একে গাঁৱৰে সৰু আলী (২৭) নামৰ এজন যুৱক। বৰ্তমান সৰুক সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে ঘটনা সংঘটিত কৰি পলায়ণ কৰে আক্ৰমণকাৰী খচনুৰ আলী ওৰফে ক’লা। ভুক্তভোগী পৰিয়ালৰ অভিযোগ মতে উদণ্ড যুৱক খচনুৰ ওৰফে ক’লায়ে যোৱা নিশা এগৰাকী অকলশৰীয়া মহিলাৰ ভাড়াঘৰৰ দুৱাৰত থপৰীয়াই। নিশা মহিলাগৰাকীয়ে ভীতিগ্ৰস্ত হৈ দুৱাৰ খুলি নিদিলে ৷ আজি পুৱা ঘটনাৰ সন্দৰ্ভত ঘৰৰ গৰাকী সৰু আলীয়ে  খচনুৰ ওৰফে ক’লাৰ ঘৰলৈ সোধা পোছা কৰিবলৈ যায়।

খচনুৰ  ওৰফে ক’লাই লগে লগে উগ্ৰমূৰ্তি ধাৰণ কৰি  সৰু আলীক চুৰিৰে আক্ৰমণ কৰে।  আকস্মিক আক্ৰমণত আহত  হৈ সৰু থিতাতে  ঢলি পৰে। লগে লগে সৰুক পৰিয়ালে ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও উন্নত  চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰে। এই  ঘটনা সন্দৰ্ভত ভূক্তভোগীয়ে ৰঙিয়া থানাত অভিযুক্ত ক’লাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে খচনুৰ  ওৰফে ক’লাই এজন আৰক্ষীক আক্ৰমণ কৰি জেল খাটিবলগীয়া হোৱা বুলি অভিযোগ পোৱা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close