অসম

ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে ভক্তৰ সৈতে মধুপুৰ সত্ৰলৈ ৰাওনা

প্ৰথম খবৰ, ৰঙিয়া: জগত গুৰু শ্ৰী মন্ত শংকৰদেবে প্ৰচাৰ কৰা এক শৰণ নাম ধৰ্মানুৰাগী সকলৰ তীৰ্থস্থান ৰূপে অভিহিত পশ্চিম বংগৰ কোচবিহাৰ জিলাত অৱস্থিত মধুপুৰ সত্ৰলৈ যোৱা নিশা ৰঙিয়াৰ পৰা ৰাওনা হৈছে ৮ শতাধিক ভকত বৈষ্ণৱ, আই-মাতৃৰ সৈতে বিধায়ক ভবেশ কলিতা। উল্লেখ্য যে, চলিত বৰ্ষত গুৰুজনাৰ ৫৬৯ তম জন্ম জয়ন্তী উপলক্ষে ৰঙিয়া জিলা শাখাৰ অধিৱেশনখন কোঁচবিহাৰৰ মধুপুৰ সত্ৰত অনুস্থিত কৰা হৈছে৷

উক্ত অধিবেশনৰ কাৰ্যসুচীত অংশগ্ৰহণৰ লক্ষ্যৰে ৰঙিয়া জিলা শাখাৰ মুঠ ৮ শতাধিক ভকত ১৬খন বাছেৰে মধুপুৰ সত্ৰলৈ ৰাওনা হয় বুলি জানিব পৰা গৈছে।  গুৰুজনাৰ আবিৰ্ভাব জয়ন্তীৰ কাৰ্যসুচীত অংশগ্ৰহণৰ কাৰণে ভক্তৰ দলটোৰ সৈতে সহযাত্ৰী হিচাপে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাও ৰাওনা হয়। বিধায়ক কলিতাই সৰ্ম্পূণ ব্যক্তিগত খৰচ আৰু নিৰীক্ষণত ৰঙিয়াৰ পৰা শনিবাৰে মাজনিশা মধুপুৰ সত্ৰৰ অভিমুখে ৰাওনা হয় বুলি জানিব পৰা গৈছে।বহি:ৰাজ্যত  আড়ম্বৰপূৰ্ণতাৰে উদযাপন কৰিবলগীয়া গুৰুজনাৰ আবিৰ্ভাব মহোৎসৱত বিধায়কগৰাকীক সংগী হিচাপে পাই স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে ভক্তৰ দলটো।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close