অসম

ৰানীপুখুৰীত মুছলিম ছাত্ৰ সন্থাৰ বিশাল গণ সমাবেশ

খাৰুপেটিয়াৰ পৰা আবুল হাছেম, প্ৰথম খবৰ: অবৈধ বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় মুছলমান লোকসকলক কিছুমান দুস্কৃতকাৰীয়ে সন্দেহ যুক্ত বাংলাদেশী বুলি কৰা হাৰাশাস্তিক কেতিয়াও সহ্য নকৰে মুছলিম ছাত্ৰ সন্থাই ৷ পেটৰ তাৰনাত শ্ৰমিক হিচাপে কাম কৰিবলৈ দেশৰ বিভিন্ন ৰাজ্যত যোৱা মুছলমান লোকসকলক কৰা অত্যাচাৰ বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে মুছলিম ছাত্ৰ সন্থাই ৷ এন আৰ চি আৰু ডি ভোটাৰ সংক্ৰান্তত ওদালগুৰি জিলাৰ ৰানীপুখুৰী এম ই স্কুলৰ খেল পথাৰত প্ৰায় দুই হাজাৰো অধিক জনসাধাৰনৰ উপস্থিতিত মুছলিম ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ সভাপতি মিয়াৰুল ইছলামৰ সভাপতিত্বত দিনৰ ২ বজাত অনুষ্ঠিত হোৱা বিশাল গণসমাবেশত এইদৰে ভাষন আগবঢ়ায় মুছলিম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা বদৰুল ইছলামে ৷

জাতিগতভাৱে বিবেচনা নকৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিচত অহা সকলো লোককে বিদেশী বুলি চিনাক্ত কৰি বাংলাদেশলৈ পঠিয়াই দিব লাগে এই কথা কেন্দ্ৰীয় সমিতিৰ সভাপতি জালাল উদ্দিন আহমেদৰ৷ আনহাতে ১৯৭১ চনৰ পিচত অহা হিন্দু মুছলমান কোনো বিদেশীয়েই অসমত থাকিব নোৱাৰিব বুলি সদৰি কৰি অসম চুক্তিক সমৰ্থন কৰা মুছলিম ছাত্ৰ সন্থাই কেতিয়াও বিদেশীৰ ক্ষেত্ৰত আপুচ কৰা নহ’ব বুলি মতপোষন কৰে মুছলিম ছাত্ৰ সন্থাই ৷ দেশ স্বাধীনতাৰ ক্ষেত্ৰত মুছলমানৰ অৱদান কম নহয়,মহাত্মা গান্ধীৰ লগতে বহুতো মুছলমান নেতাই জীৱন বলিদান দি বৃটিছৰ কবলৰ পৰা ভাৰতবৰ্ষক স্বাধীন কৰিছিল , কিন্ত বৰ দুৰ্ভাগ্যৰ কথা দেশ স্বাধীনতাত আত্মবলিদান দিয়া শ্বহীদ লোকসকলক আজি কিছুমান তথাকথিত সংগঠনে পাহৰিব লগা হৈছে ৷

বিশাল গণ সমাবেশত মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ইয়াহ ইয়া আহমেদৰ লগতে উপসভাপতি বাহাৰুল ইছলাম আব্দুৰ ৰৌফ সম্পাদকদ্বয় হাফিজুৰ ৰহমান আৰু মইনুল হক চৌধুৰীৰ উপস্থিতিত ওদালগুৰি জিলা আমছুৰ সাধাৰণ সম্পাদক মহিবুল ইছলামে তেওঁৰ ভাষণত কয় যে ৰাজ্যখনৰ যিবোৰ ৰাজনৈতিক নেতা কৰ্মীয়ে অসমত থকা মুছলমান লোকসকলক ম্যানমাৰৰ ৰুহিঙ্গীয়া মুছলমানৰ দৰে ৰাজ্যখনৰ পৰা বিতাৰণ কৰিব লাগে, তেনে নেতাকসকলক সাৱধান হবলৈ কোৱা হ’ল, যিহেতু শংকৰ আজানৰ মিলনভুমি অসমত জন্ম সূত্ৰে আমি ভাৰতীয় হিচাপে বসবাস কৰি আহিছো, জন্ম সুত্ৰৰ পৰাই আমাৰ পূৰ্বপুৰুষ সকলে এই ৰাজ্যখনত থাকি অসমীয়া জনসাধাৰণৰ লগত বসবাস কৰি বায়ু মাটি পানীৰে মিশ্ৰিত হৈ অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি বসবাস কৰি আহিছো, আমি কোনো বাংলাদেশ,পাকিস্তান, নেপালৰ পৰা আহা নাই, আমি জন্মসূত্ৰে ভাৰতীয়৷ গতিকে প্ৰকৃত ভাৰতীয় লোকসকলক ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰিবলৈ দিয়া নহ’ব ৷

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close