Home / অসম / ৰূপহীলৈ সুনাম কঢ়িয়াই আনিলে চাবা মিৰ্জাই

ৰূপহীলৈ সুনাম কঢ়িয়াই আনিলে চাবা মিৰ্জাই

প্ৰথম খবৰ, ৰূপহীহাট: গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ গুৱাহাটীৰ এন ই এফ আইন মহাবিদ্যালয়ৰ পৰা এল এল বি চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নগাঁও জিলাৰ ৰূপহীহাটলৈ সুনাম কঢ়িয়াই আনিলে চাবা মিৰ্জা নামৰ ছাত্ৰী গৰাকীয়ে। ৰূপহী থানাৰোডৰ বাসিন্দা প্ৰয়াত শ্বৰিফ উজ জামানৰ কন্যা চাবা মিৰ্জা অলপতে হৈ সম্পন্ন হৈ যোৱা এল এল বি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ৰূপহীৰ দৰে পিছ পৰা অঞ্চলৰ পৰা গৈ গুৱাহাটীৰ এন ই এফ আইন মহাবিদ্যালয়ত আইন বিভাগত অধ্যয়ন কৰি আছিল।

আৰু অলপতে ঘোষণা হোৱা চূড়ান্ত পৰ্যায়ৰ পৰীক্ষাত মেধাৱী ছাত্ৰী গৰাকীয়ে ক্ৰাইম এণ্ড ক্ৰিমিনলজি শাখাত ৰাজ্যখনৰ ভিতৰতে এন ই এফ আইন মহাবিদ্যালয়লৈ প্ৰথম বিভাগত দ্বিতীয় স্থান কঢ়িয়াই আনে। চাবা মিৰ্জাৰ এই সাফল্যত পৰিয়ালৰ লোকসকল উৎফুল্লিত হৈ পৰাৰ লগতে ৰূপহীৰ শিক্ষিত সচেতন মহলেও সন্তুষ্ট প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*