শেহতীয়া
Home / অসম / ৰূপহীহাটত অগপ কৰ্মীৰ সংবাদ মেল, অগপ কৰ্মীক আক্ৰমণৰ অভিযোগ অনিল শইকীয়াৰ ভাতৃৰ বিৰুদ্ধে

ৰূপহীহাটত অগপ কৰ্মীৰ সংবাদ মেল, অগপ কৰ্মীক আক্ৰমণৰ অভিযোগ অনিল শইকীয়াৰ ভাতৃৰ বিৰুদ্ধে

প্ৰথম খবৰ, ৰূপহীহাট: ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰ চলি থকাৰ সময়ত ঠায়ে-ঠায়ে অগপ, বিজেপি ক্ৰমীৰ মাজত সংঘাতৰ বাতৰি পৰিৱেশন হৈ থকাৰ সময়তে নগাঁও জিলাৰ ৰূপহীহাটতো দুয়োটা দলৰ ক্ৰমীৰ মাজত তীব্ৰ সংঘাতে দেখা দিয়া পৰিবক্ষিত হৈছে। যোৱা নিশা ৰূপহীৰ পৰা ঘৰলৈ ওভতাৰ পথত অগপৰ গেৰেকি আঞ্চলিক কমিটিৰ সভাপতি নৃপেন শইকীয়াক অনিল শইকীয়াৰ জ্যেষ্ঠ ভাতৃ অজয় শইকীয়াই সাংগোপাংগুসহ আক্ৰমণ কৰি আহত কৰে বুলি অভিযোগ উত্থাপিত হৈছে। যোৱা নিশা উক্ত মাৰপিটৰ ঘটনাৰ পাছত নৃপেন শইকীয়াই ৰূপহীহাট আৰক্ষী থানাত এক গোচৰ দিয়ে। নৃপেন শইকীয়াই গাড়ীৰ ডিপাৰ লাইট নজলোৱাক কেন্দ্ৰ কৰি কলিয়াবৰ জিলা বিজোেপিৰ সভাপতি অনিল শইকীয়াৰ ভাতৃয়ে ভেৰণীয়া গুণ্ডাবাহিনীৰ সৈতে মিলি প্ৰহাৰ কৰাৰ কথা ব্যক্ত কৰে।

সংবাদ মেলত সদৰী কৰা মতে গেৰেকি আঞ্চলিকৰ নেতা গৰাকীক ইটা, বাঁহ আদিৰে প্ৰহাৰ কৰি আহত কৰে। উক্ত ঘটনাৰ পাছতে সমগ্ৰ ৰূপহীহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। দুয়োটা দলৰ নেতাৰ মাজত হোৱা উক্ত ঘটনাই প্ৰকৃততে দল দুটাৰ ভিতৰ চৰাৰ অন্তকন্দলকে উদঙাই দিয়া বুলিও চৰ্চিত। ঘটনাটোৰ পাছত আজি অনুষ্ঠিত সংবাদ মেলত ৰূপহী আঞ্চলিক সমিতিৰ সভাপতি কন্দৰ্প চমুৱাই তীব্ৰ ভাষাৰে বিজেপিৰ নেতাৰ ঘনিষ্টৰ অনে কাণ্ডক গৰিহণা দিয়ে।

লগতে উক্ত কাণ্ডত জড়িত সকলক শীঘ্ৰেই বিচাৰি উলিয়াই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈও দাবী জনায়। উক্ত ঘটনাত গেৰেকি আঞ্চলিকৰ নেতা কৰ্মীৰ লগতে সমষ্টখনৰ অগপ নেতা কৰ্মীসকলে গৰিহণা দিয়ে । উল্লেখ্য যে ঘটনাৰ পাছত থানাত গোচৰ দিয়াত আৰক্ষীয়ে নৃপেন শইকীয়াৰ স্বাস্থ্য পৰীক্ষা কৰাত শৰীৰৰ কেইবাটাও স্থানত আঘাত পোৱা বুলি প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*