অসম

ৰূপহীহাটৰ ছাইদৰীয়াৰ স্কুলীয়া ছাত্ৰী অপহৰণ: আটক এক

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ ৰূপহীহাটৰ ছাইদৰীয়াৰ পৰা এগৰাকী স্কুলীয়া ছাত্ৰীক অপহৰণ কৰাৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত ছাইদৰীয়া গাৱঁৰ স্কুলীয়া ছোৱালীজনীক মঙ্গলবাৰেই অপহৰণ কৰে চাৰিটা যুৱকে ৷

চাইকেলেৰে স্কুললৈ গৈ থকা অৱস্থাত চাৰিজনীয়া যুৱকৰ দল এটাই এই কাণ্ড সংগঠিত কৰা বুলি পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল ৷ একেখন হালৰে ফকৰ উদ্দিন, আব্দুল মতিন,আঃ কালাম আৰু ফৰিজ উদ্দিন আদিয়ে ১২ বছৰীয়া স্কুলীয়া ছাত্ৰী আলমিনা খাতুনক পূৰ্ব পৰিকল্পিতভাৱে অপহৰণ কৰিছিল৷ ইয়াৰে আবুল কালামক আৰক্ষীয়ে আটক কৰি সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে যদিও অপহৃত ছাত্ৰী গৰাকীৰ কোনো শুং সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।

Related Articles

Leave a Reply

Close