অসম

ৰূপহী উদয়ন ক্লাৱৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ ৰূপহীহাটৰ ৰূপহী আনন্দপল্লীত এখনি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে ৰূপহীহাট আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিয়াউৰ ৰহমান আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কলিয়াবৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অনিল শইকীয়া। আদৰণি পৰ্বৰ পাছত উক্ত সাংস্কৃতিক কাৰ্যসূচীৰ উদ্বোধন কৰে কলিয়াবৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অনিল শইকীয়াই।

ৰূপহী উদয়ন ক্লাৱৰ উদ্যোগত আয়োজিত অনুষ্ঠানখনত অলপতে সম্পন্ন হৈ যোৱা সংগীত আৰু নৃত্য প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয়। বিজয়ীসকলৰ মাজত অলিন শইকীয়া, বিচাৰক, আৰক্ষী বিষয়া জিয়াউৰ ৰহমান, ক্লাৱৰ সম্পাদক, সভাপতি আদিয়ে বিজয়ীসকলক বঁটাসমূহ বিতৰণ কৰে।

ইয়াৰ পাছতে বিশিষ্ট অথিতি অনিল শইকীয়া, মূখ্য অথিতি জিয়াউৰ ৰহমানে ভাষণত আয়োজকসকলৰ এনে প্ৰচেষ্টাৰ শলাগ লয়। ইফালে, সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত আমন্ত্ৰিত শিল্পী হিচাপে কলিয়াবৰৰ মাধুৰ্য্য মৌচমৰ আৰু নগাঁৱৰ বিদিশা ভূঞাই সংগীত পৰিৱেশন কৰে।

ৰূপহী বজাৰৰ নিচেই কাষতে অনুষ্ঠিত উদয়ন ক্লাৱৰ উক্ত কাৰ্যসূচীত অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰি অনুষ্ঠান উপভোগ কৰা দেখা যায়। অনুষ্ঠানখনত অথিতি হিচাপে কিশোৰ পাল, পৰিমল পাল, নাছিৰ উদ্দিন, পৱিত্ৰ ওজাকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Related Articles

Leave a Reply

Close