অসমখেল

১১ উকা ষ্টেট কাৰাটে ছেম্পিয়নশ্বীপত চৰাইদেউ জিলাৰ সাফল্য

গুৱাহাটীপৰা  পৰাগজ্যোতি ফুকনৰ বিশেষ প্ৰতিবেদন: ১৫ অক্টোবৰত ভোগেশ্বৰীৰ ফুকননী ইনড’ৰ ষ্টেডিয়ামত অনুষ্টিত হৈ যোৱা ১১ উকা ষ্টেট কাৰাটে ছেম্পিয়নশ্বীপত চৰাউদেউ জিলাই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

চৰাইদেউ জিলাৰ মুঠ ১৮ গৰাকী প্ৰতিযোগীৰ ভিতৰত ১১ গৰাকীয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে- অনন্ত চাংমায়ে (কাটা), (কুমিটে) সৌৰভ সন্দিকৈ, ৰূমা চাংমাই, প্ৰণিতা চাংমাই। ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে- আকাশদ্বীপ গগৈয়ে।

বঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে- তৰুণ কোঁৱৰ, প্ৰণৱজ্যেতি গগৈ, বিচিত্ৰ ঘোচ, সুমিত্ৰ দে, প্ৰতিক্ষা গগৈ, ৰক্তোৎপল চেতিয়াই। দলৰ প্ৰশিক্ষক হিচাপে আহিছিল অনন্ত চাংমাই। দলৰ মেনেজাৰ হিচাপে আছিল তৰুণ কোঁৱৰ।

 

Related Articles

Leave a Reply

Close