অসম

লক্ষীপুৰত সুলভ হৈ পৰিছে ইলিচ মাছ

লক্ষীপুৰৰ পৰা কাব্যজ্যোতি চৌধুৰী, প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ লক্ষীপুৰ তথা দাঁতি কাষৰীয়া অঞ্চলত ইলিচ মাছ সুলভ হৈ পৰিছে। লক্ষীপুৰৰ দাঁতিকাষৰীয়া চুনাৰী আৰু তাৰাঙ্গাপুৰৰ কাষেৰ বৈ যোৱা বৰলুইতত বৰ্তমান ইলিচ মাছৰ বজাৰ।

জানিব পৰা মতে, বাংলাদেশৰ পদ্মা নৈৰে উজাই অহা ইলিচ মাছ ব্ৰহ্মপুত্ৰদি অহাত মৎসজীৱি সকলে বৰ্তমান ইলিচ মাছ মৰাত নৈপৰীয়া বজাৰ সমূহত এই মাছ উভৈনদীয়েই নহয় সুলভ হৈ পৰিছে।প্ৰতি কিলোগ্ৰাম মাছ ১০০/১৫০টকাত বিক্ৰী হৈছে।মাছমৰীয়া সকলে মাছ মাৰি অতি কম দামত বিক্ৰী কৰিবলগীয়া হ’লেও কিন্তু ৰমৰমীয়া ব্যৱসায় চলাই গৈছে। এই সময়ত ইলিচ মাছৰ পোৱালী দিয়াৰ সময়। অথচ কনীযুক্ত ৫০০ গ্ৰামৰ পৰা ১ কিলোগ্ৰামৰ মাছ সমূহৰ মাজত কনি পৰাৰ বতৰত এনে মাছ সমূহ নদীৰ পৰা মাছমৰীয়াই ব্যাপক হাৰে মাৰিবলৈ লোৱাত যেন ইলিচৰ উৎপাদন হ্ৰাস পোৱাৰ সম্ভবনা নুই কৰিব নোৱাৰি। এই ক্ষেত্ৰত মীন বিভাগ নিৰৱ ভূমিকা লোৱাত ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply