শেহতীয়া
Home / স্বাস্থ্য / কেনেদৰে মালিচ কৰিব নৱজাতকক

কেনেদৰে মালিচ কৰিব নৱজাতকক

হেল্থ ডেস্ক, প্ৰথম খবৰঃ নৱজাতকৰ আগমনৰ লগে লগে পৰিয়ালৰ সকলো ব্যস্ত হৈ পৰে শিশুটিক লৈ । এইক্ষেত্ৰত নৱজাতকটিৰ যত্ন সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়। নৱজাতকৰ শৰীৰৰ যতন লওঁতে সদায় চিকিতসকৰ পৰামৰ্শহে গ্ৰহণ কৰা উচিত। যদি চিকিৎসকে মালিচ কৰিবলৈ অনুমতি দিয়ে, তেতিয়াহে মালিচ দিব পাৰে।

শিশু এটিক মালিচ কৰাৰ সময় মাতৃগৰাকীয়ে সুবিধা মতে ঠিক কৰি ল’ব পাৰে। সাধাৰণতে দিনত দুবাৰ আহাৰ খোৱাৰ পিছত শিশুটি সতেজ হৈ থাকে আৰু এই সময়ত প্ৰথমে গা ধুৱাই তাৰ পিছত মালিচ দিয়াটো নিয়ম।মালিচ কৰোঁতে তেল ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়। আমাৰ দেশত মহিলাসকলে গৰমৰ দিনত নাৰিকল তেল আৰু ঠাণ্ডাৰ দিনত সৰিয়হৰ তেলেৰে মালিচ কৰা দেখা যায়। সৰিয়হৰ তেল যদিও মালিচ তেল হিচাপে আমাৰ সমাজত প্ৰচলিত ই শিশুৰ কোমল ছালৰ কাৰণে উপযোগী নহয় আৰু ইয়াক ব্যৱহাৰ কৰা অনুচিত। ইয়াৰ পৰিৱৰ্তে নাৰিকল তেল বা বজাৰত পোৱা উৎকৃষ্ট মানৰ গোন্ধহীন অলিভ অইল ব্যৱহাৰ কৰিব পাৰে। কিন্তু যিকোনো তেল জধে-মধে ব্যৱহাৰ কৰিলে শিশুটিৰ ছালৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। মালিচ কৰোঁতে প্ৰথমতে ভৰিৰ পৰা আৰম্ভ কৰিব লাগে। তাৰপিছত ক্ৰমে পেট, পিঠি, হাত, বাহু আৰু একেবাৰে শেষত মুখত মালিচ কৰিব লাগে। নিয়মিত মালিচে শিশু এটাৰ দেহৰ গঠন সুদৃঢ়  কৰাৰ লগতে শিশুটো সতেজ আৰু স্বাস্থ্যবান হোৱা দেখা যায়।

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*