অসম

বোকাখাতত আৰক্ষীৰ জালত যুৱতী সহ তিনি গাড়ী চোৰ

প্ৰথম খবৰ, বোকাজান: বোকাজানৰ খটখটী আৰক্ষীৰ জালত পুনৰ পৰিল যুৱতী সহ তিনি গাড়ী চোৰ । অৰুণাচলৰ নাহৰলগুণৰ পৰা ডিমাপুৰ দিশেে AR-02-A-0029 নম্বৰৰ এখন ইনভা গাড়ীৰে আহি থকা অৱস্থাত খটখটী আৰক্ষীৰ নাকা তালাছীত ধৰা পৰে আন্তৰাজ্যিক গাড়ীচোৰৰ উক্ত দলটো।

প্ৰথম অৱস্থাত ডিমাপুৰলৈ বজাৰ কৰাৰ উদ্দশ্যৰে অহা বুলি চোৰৰ দলটোৱে আৰক্ষীক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও গাড়ীৰ নথি পত্ৰ পৰীক্ষা কৰাৰ পাছত গাড়ীখন চোৰ কৰি অনা বুলি আৰক্ষী নিশ্চিত হয় আৰু গাড়ী সহ চোৰকেইটাক আটক কৰে। ধৃত চোৰ কেইটা হ’ল ক্ৰমে এভিল হিফু, শিৱৰাম সোণাৰ আৰু তানা ইছা। সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close