সাহিত্য

আৰ্লেং (৪)

আৰ্লেং

(কাৰ্বি আংলঙৰ পটভূমিত)

নিৰ্মালি সন্দিকৈ

(৪)

হোৰাটোত ভৰাই অনা বনৰীয়া কলদিল, ঢেঁকীয়া আৰু খেৰত গজা কাঠফুলাৰ বোজাটো পাকঘৰৰ মজিয়াত থৈ কাদমে ঘোঁটঘোটকৈ পানী এঘটি খাই ল’লে। হুনমিলিয়ে তিলেৰে সিজোৱা গাহৰিৰ মঙহেৰে চাৰলংকিক ভাত খুৱাইছিল। সি খাবলৈ মন কৰা নাই। কিমাননো জুহালৰ ধোঁৱাচাঙত সাঁচি থোৱা শুকান গাহৰিৰ মঙহ খাই পেট ভৰাব! উঠি অহা পোৱালিকণ দেহি! কিমান ওৱাদানিকৈ খাবলৈ পাব লাগিছিল। নাই যে নাই, গাখীৰ অকণো তাক খুৱাবলৈ সামৰ্থ নাই।

কাদমৰ কলিজাটো মোচৰ খাই উঠিল। ইফালে চেৰ্লি টকবিপিহঁতে হাবিৰ ঢেঁকীয়াডৰাতো ইউৰিয়া ছটিয়াই থৈ আহে। সাৰ পাই ঢেঁকীয়াবোৰ খৰকৈ বাঢ়ে। তাকে সিহঁতে নি চহৰৰ বজাৰত বাবু মানুহক সতেজ শাক বুলি বেচে। সেইবোৰ ছিঙি আনিলে এবেলাতে শুকাই যায়। আজিকালি সকলোতে ভেজাল হ’ল। আনকি মানুহৰ মনবোৰো। তাই এসাজৰ ঢেঁকীয়া বুটলিবলৈ আজি বহুত সময় লাগিল।

তাই আদৰেৰে নাতিয়েকৰ মূৰত হাত বুলাই দিলে। ‘‘দে কাংবুৰা দে! তোক মই আজি দুপৰীয়া ঢেঁকীয়াৰ জোল ৰান্ধি খুৱাম। তাতে ঔটেঙা দিম। সৰু মাছ দুজনীও দিম। আমি বিললৈ যাম। মই কাপোৰ ধুই ধুই তোক ধ্রুৱৰ কাহিনীটো ক’ম। এতিয়া ভাতকেইটা খা। তই ডাঙৰ হ’ব লাগিব। ইছকুল যাব লাগিব।’’

কাদমৰ কথা শেষ হয় মানে তাৰ ভাতো শেষ হ’ল। মাত্ৰ হুনমিলিয়ে কাঁহীৰ কাষৰ ভাতকেইটা চিকুটি চিকুটি উচপিচাই থাকিল। কাদমে তাইক সহজ কৰি দিলে। ক!

হুনমিলিয়ে কওঁ-নকওঁকৈ মুখ মেলিলে, ‘‘পাই মই ভাবিছিলো মইও বজাৰত বহিম। সদায় নহয় মাত্ৰ এদিন। বজাৰ বাৰৰ দিনা।’’ কাদমে মনে মনে থকা দেখি তাই আকৌ ক’লে, ‘‘পাই, মই ঘৰতে হৰলাং বনাই মানুহ এটাৰ হতুৱাই মনে মনে বজাৰত বেচাম আৰু নিজে এখন চানা মিক্সাৰৰ দোকান দিম।’’ কাদমৰ তেজ উতলি আহিল। তাই মোনাৰপৰা কটাৰিখন উলিয়াই তামোল এটা কাটিবলৈ আৰম্ভ কৰিছিল। খঙৰ ভমকত সেইখনকে তাই হুনমিলিৰ গালৈ মাৰি পঠিয়ালে।

কটাৰীখন হুণমিলিৰ গাত নালাগিল। বাঁহৰ খুঁটাটোত ঠেকা খাই মজিয়াত উফৰি পৰিল। শিলৰ মূৰ্তিৰ দৰে ঠৰ লাগি থকা বোৱাৰীয়েকক কাদমে বাহুত ধৰি জোকাৰি দিলে। ‘‘ঐ ছোৱালী! কাইলৈ পৰহিলৈ লংকি ইছকুল যাব। আৰু তই বজাৰত হৰলাং বেচিবি? হেম্ফু আৰ্ণাম সাক্ষী আছে ঐ মাজনী। এইখন ঘৰৰ মাইকী মানুহে আজিলৈকে মদ বেছি বেপাৰ কৰা নাই । ৰংকেৰ পূজা আৰু চমাংকানৰ বাদে আৰু ক’তো কোনোদিনে হৰলাং খাই আমাৰ মতাবোৰ পগলা হোৱা নাই।’’

হুনমিলিৰ চকুৰে ধাৰাসাৰ পানী বৈ আহিল। কাদমে তাইক সাবটি ধৰি কান্দি পেলালে আৰু লংকামৰ আত্মাক শাও দিলে। ক’ত আছ, চা হি অ’ বোপাই। তোৰ মানুহজনী কেনেকৈ কি হ’বলৈ ধৰিছে।

কাৰেং ইংতিপীয়ে পাণ দুখিলামান নিবলৈ কাদমৰ পিৰালিত উঠিছিল। তাই অহা গম পাই কাদমে লৰালৰিকৈ চকুপানী মচি বাহিৰলৈ ওলাই গ’ল।

: এ নি দেখোন!
: এৰা অ’। পাণ দুখিলা দে। মাছ খাই উঠি তামোল পকটিয়াবকে পোৱা নাই। আমাৰ ল’ৰাহঁতো হাবিলৈ গ’ল। পাণ পাৰি দিওতা নাই। ইফালে তামহিদিয়ে বজাৰলৈ টোপোলা বন্ধাত লাগিছে।

কাৰেং বুঢ়ীয়ে কান্ধৰ মোনাখনৰ পৰা উদং এলুমিনিয়ামৰ টেমাটো উলিয়াই দেখুৱালে।

: হ’ব বাৰু নি! বহাচোন। আনকালে নাহাই। আজি হে কি বুলি সোমালা! নেদেখাই হ’লোঁ।

কাৰেং বুঢ়ীয়ে লা ৰে ক’লা কৰা দাঁতকেইটা উলিয়াই তৃপ্তি আৰু গৰ্বৰ হাঁহি মাৰিলে। বুঢ়ীৰ দুজনী বোৱাৰী। এজনী গ্ৰামসেৱিকা, দূৰৈত থাকে। হ’লেও মাহে মাহে পইচা পঠিয়াই থাকে। এতিয়া ঘৰত থকাজনী- তামহিদিয়েও বজাৰত বহে। উপাৰ্জন ভাল। বুঢ়ীৰ পুতেকহঁতে হাবিৰপৰা শাক-পাত গোটাই আনি দিয়ে। এতিয়া বুঢ়ীৰ ক’তো ফুৰিবলৈ আজৰি নাই। আজি বোৱাৰীয়েকে নিজ গুণে পঠিয়ালে বুলিহে! কাৰেং বুঢ়ীয়ে গৌৰৱেৰে মোনাৰপৰা তামহিদিয়ে বজাৰৰপৰা আনি দিয়া ছিলঙীয়া কটাৰিখন দেখুৱাই উপদেশৰ সুৰত ক’লে, তোৰজনীকো নপঠিয়াৱ কিয়! মন চন ভাল লাগিব। লগ সংগ পাব। আজিকালি বিচিনেচ কৰিব জানিলে শুকান গোৱৰ চপৰা কিনোতাও ওলাই যায়।

কাদমে দূৰৈৰ ধূসৰ পাহাৰটোলৈ ধুঁৱলি কুঁৱলী দৃষ্টিৰে চাই থাকিল। তাইৰ বোৱাৰীয়েক হুনমিলিয়ে বজাৰত বহি থকা দৃশ্যটো তাইৰ চকুৰ আগেৰে অহা-যোৱা কৰি থাকিল। অথচ একালত এইখন যেতিয়া গামবুৰাৰ ঘৰ আছিল, তেতিয়া চহৰৰ বাবুসকলেও এইখন ঘৰক সম্ভ্ৰমেৰে চাইছিল। সেইঘৰৰ বোৱাৰী হুনমিলিয়ে এতিয়া বজাৰত বস্তা মেলি ঢেঁকীয়া শাক বেচিব! কাদমে চকু দুটা জপাই দিলে।

ওৰেটো দিন পিঠাগুৰিয়া বৰষুণৰ পাছত আবেলি কেতিয়া হ’ল কোনেও তৎ নেপালে। পিৰালিতে কাদম বহি আছিল। কাৰেং বুঢ়ী যোৱাৰ পাছতো তাই তেনেকৈয়ে বেৰত আঁউজি থাকিল। এখন হাতেৰে চাইকেলৰ টিউব এটা লৈ আনখনেৰে পেণ্টটো ধৰি দিনটো ক’ৰবাত খেলি খেলি চাৰলংকি ঘৰ সোমাইছিলহি। কাদমে তালৈ চাই কৃত্ৰিম খঙেৰে ক’লে, ৰহ আৰু কেইদিনমান! মাঘবিহুৰ পাছত তই ইছকুল যাব লাগিব। পেন্দুকনাসোপাৰ লগত লেংটা হৈ ফুৰ এতিয়া।       (আগলৈ)

+++
(শব্দাৰ্থ: আৰ্লেং- মানুহ, স্বজাতি, সুহৃদ; প’- দেউতা; হেম্ফু আৰ্ণাম- ভগৱান, নি- বাইদেউ )

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close