শেহতীয়া
Home / সম্পাদকীয় / কিমান দিনলৈ জীয়াই থাকিব অসমীয়া ভাষা?

কিমান দিনলৈ জীয়াই থাকিব অসমীয়া ভাষা?

ভাষা হ’ল গণসংযোগৰ প্ৰধান মাধ্যম। ভাষাক লৈ বিভিন্ন সময়ত আলোচনা-সমালোচনা, অভিযোগ, বিতৰ্ক হোৱা দেখিবলৈ পোৱা যায়। এটা ভাষাই তেতিয়াই পূৰ্ণতা অথবা উন্নতি লাভ কৰিব, যেতিয়াই ভাষাটোৰ নমনীয় গুণটো জনসাধাৰণৰ মাজত জনপ্ৰিয় হ’ব। যাৰ জৰিয়তে এজন মানুহে নিজস্ব ভাব-ভংগী, ৰুচি-অভিৰুচিৰ বিষয়ে সহজেই আন এজনৰ আগত প্ৰকাশ কৰিব পাৰে। ভাষাই বহু ক্ষেত্ৰত বিভিন্ন ঠাইত অন্য ঠাইৰ লোকক দোমোজাত পেলোৱাটোৱেই প্ৰকট।

ঠিক সেইদৰে একেখিনি কথাই আমাৰ আপোন অসমীয়া ভাষাটোৰ ক্ষেত্ৰতো ক’ব পাৰোঁ। ৰাজ্যভাষা অসমীয়াৰ বিৱৰ্তন প্ৰাচীন কালৰেপৰা হোৱা দেখা যায়। খ্ৰীষ্টান মিছনেৰীসকলৰ দ্বাৰা অৰুণোদয় ছপা হোৱাৰ সময়ছোৱাত অসমীয়া ভাষাক মান্যভাষা হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু পাছৰ সময়ছোৱাত অসমীয়া ভাষাক চাৰিটা উপভাষাত বিভক্ত কৰা হয়- পূব, মধ্য, কামৰূপী আৰু গোৱালপৰীয়া।

অঞ্চলভেদে অসমীয়া ভাষাৰ ভিন ভিন ঠাঁচ থকাটো স্বাভাৱিক। যিহেতু ঠাইভেদে একে অৰ্থৰ দুটা শব্দ কোৱাৰ ঠাঁচ বেলেগ হ’লেও এটাক বাদ দি আনটোক ভুল বা শুদ্ধ বুলি দাবী কৰাৰ যুক্তি বা থল নাথাকে। কাৰণ ভিন্ন ঠাইৰ মানুহে উচ্চাৰণৰ ঠাঁচটো নিজৰ সুবিধাৰ্থে গ্ৰহণ কৰি ক’বলৈ আৰম্ভ কৰিবলৈ লোৱা দেখা যায়।

গতিকে ভাষাৰ ক্ষেত্ৰৰ কঠোৰ হ’লে এটা ভাষাই কেতিয়াও মৰ্যাদা বা উন্নতি লাভ কৰিবলৈ সক্ষম নহয়। মৃত্যুমুখী হ’ব সেই ভাষা। নমনীয়তাৰ জৰিয়তেহে এটা ভাষাক আমি আগুৱাই নিবলৈ সক্ষম হ’ম। কিছুমান অনাহক বিতৰ্কৰ পৰিৱৰ্তে অসমীয়া ভাষাৰ ধাৰাটো অব্যাহত ৰখাটো এই সময়ত নিতান্তই প্ৰয়োজনীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*