অসমশীৰ্ষ

নগাঁৱৰ বেবেজীয়াত নৱজাতক উদ্ধাৰ

প্ৰথম খবৰ, জাজৰি: অাজি পুৱা বেবেজীয়াৰ ৰাজপথৰ কাষত থকা জিৰণি ঘৰত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এটি নৱজাতক। ৰাইজে দেৱশিশুটিক উদ্ধাৰ কৰি বেবেজীয়া অাৰক্ষী চকীত খবৰ দিয়াত বেবেজীয়া অাৰক্ষীয়ে শিশুটিক নগাঁৱৰ চিকিৎসালয়ত ভৰ্ত্তী কৰাই। শিশুটিৰ লগতে এখন চিঠিও উদ্ধাৰ হয়।

চিঠিত লিখা অাছে দ্ৰৰিদ্ৰতাই হেঁচা মাৰি ধৰাত তেওঁলোকে শিশুটিক ভৰণ-পোষণ দিব নোৱাৰিব। ধনী মানুহৰ পৰা টকা বিচাৰিলেও টকা নাপায়। গতিকে শিশুটিক ৰাইজৰ ওচৰত গতালো। ৰাইজে তাক চিকিৎসা প্ৰদান কৰিবলৈ অভিভাৱকে অনুৰোধ জনাই চিঠি খনৰ জৰিয়তে। এইদৰে দৰিদ্ৰতাই ৰাইজক কোঙা কৰা বাবে এনে হৃদয় বিদাৰক ঘটনা এইখন অসমতে সঘনাই ঘটি অহা দেখা গৈছে।

Related Articles

Leave a Reply

Close