অসমশীৰ্ষ

দেৰগাঁৱৰ কুমলীয়া চাপৰিত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

দেৰগাঁৱৰ পৰা আব্দুল মান্নাফ, প্ৰথম খবৰ: দেওবাৰে সন্ধিয়াৰ ভাগত দেৰগাঁৱৰ ভিতৰুৱা কুমলীয়া চাপৰিত এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেৰগাঁও অঞ্চলত । এখন কাপোৰেৰে বান্ধি এটা বস্তাৰ ভিতৰত ভৰাই এখন দলঙৰ তলত ওলোমাই ৰাখিছিল মৃতদেহটো।

আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি দেৰগাঁও থানালৈ লৈ অনাৰ পাছত মৃতদেহটো দেৰগাঁৱৰ ৰজাবাহৰ গাঁৱৰ ছাত্ৰ ৰবি কলিতাৰ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে। মৃত ছাত্ৰজনৰ মুখমণ্ডলৰ বিকৃত ৰূপ দেখি হত্যাকাৰীয়ে ছাত্ৰজনৰ মুখমণ্ডলত এচিদ জাতীয় পদাৰ্থ ঢালি দিয়াৰ সন্দেহ কৰিছে একাংশই।

উল্লেখ যোগ্য যে, শুকুৰবাৰৰ পৰা এখন স্কুটি লৈ ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল ছাত্ৰজন। শুকুৰবাৰে সন্ধিয়াৰ ভাগত আৰক্ষীয়ে পৰিত্যক্ত অৱস্থাত যোৰহাট আৰু গোলাঘাট জিলাৰ সীমান্তৱৰ্তী কাকডোঙা নদীৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ কৰিছিল স্কুটীখন । তাৰ পাছৰে পৰা ছাত্ৰজনৰ সন্ধান অব্যাহত ৰাখিছিল আৰক্ষীয়ে আৰু দেওবাৰে উদ্ধাৰ হয় এই ছাত্ৰজনৰ মৃতদেহটো । আৰক্ষীয়ে ইতিমধ্যে এই ৰহস্যজনক হত্যাকাণ্ডটোৰ ক্ষীপ্ৰ অনুসন্ধান আৰম্ভ কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close