শেহতীয়া
Home / বিনোদন / হেপ্পী বাৰ্থডে বিগ বি

হেপ্পী বাৰ্থডে বিগ বি

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: মেগাষ্টাৰ অমিতাভ বচ্চনৰ আজি জন্মদিন। ৭৫ বছৰত ভৰি দিয়া বলিউডৰ জনপ্ৰিয় তাৰকাজনলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ইণ্ড্ৰাষ্টীটোৰ নামী-দামি ছুপাৰ ষ্টাৰসকলে।

৭৫ বছৰতো নট আউট মেগাষ্টাৰ অমিতাভ বচ্চন। শেহতীয়াভাৱে তেওঁ সংবাদ মাধ্যৰ আগত প্ৰকাশ কৰে যে, চলিত বৰ্ষত জন্মদিন আৰু দীপাৱলীকে ধৰি কোনো ধৰণৰ উৎসৱ পালন নকৰে। অৱশ্যে ইয়াৰ কাৰণ তেওঁ জানিবলৈ দিয়া নাই।

কিছুদিন পূৰ্বে বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য্য ৰায় বচ্চনৰ পিতৃ কৃষ্ণাৰাজ ৰায়ৰ মৃত্যু হয়। এই কথাক সহজভাৱে ল’ব পৰা নাই বোৱাৰীৰ লগতে বলিউডৰ জনপ্ৰিয় তাৰকাগৰাকীয়েও। বৰ্তমান সকলোৰে সন্দেহ কৃষ্ণৰাজ ৰায়ৰ মৃত্যুৰ শোকৰ বাবেই হয়তো চলিত বৰ্ষত নিজৰ জন্মদিনটো পালন নকৰে বিগ বিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*