অসমশীৰ্ষ

সহায়ৰ প্ৰয়োজন নগাঁৱৰ জুতিকাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: জন্মগতভাৱে বাওঁভৰি নথকা নগাঁৱৰ জুতিকা শইকীয়াক বৰ্তমান সহায়ৰ প্ৰয়োজন। অতি দৰিদ্ৰ পৰিয়ালৰ জুতিকাই এখন ভৰি নথকা স্বত্তেও যুঁজ দি গৈছে জীৱনৰ সৈতে। পুৰণিগুদাম আৰ কে বি বিদ্যালৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ জুতিকাই নগাঁও মহাবিদ্যালৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালৰ পৰা আইডলৰ যোগে দৰ্শন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছে। বৰ্তমান ওচৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত যোগদান কৰাৰ লগতে ডি ই আই ই ডি পাঠ্যক্ৰমটো নামভৰ্তী কৰিছে।

মেধা সম্পন্ন জুতিকা কৃত্ৰিমভাৱে হ’লেও নিজৰ দুয়োখন ভৰিৰ ওপৰত থিয় দিব খুজিছে। ইতিমধ্যে তেওঁ কলকাতাৰ কৃত্ৰিম অংগ সংস্থাপনকাৰী চিকিৎসালয়ত ‘অট’বক’ৰ সৈতে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে। তেওঁলোকে জনোৱা মতে, এই প্ৰক্ৰিয়াটোত প্ৰায় চাৰি লাখ টকা খৰচ হ’ব। পুৰণিগুদামৰ বিভিন্ন সংগঠনৰ সহযোগত ইতিমধ্যে ৪২ হাজাৰ টকা গোট খাইছে।

আপোনালোকে যদি জুতিকাক সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে ৭৮৯৬৮৯২৯১৭/৭৫৭৭৭৬১১৯৩ নম্বৰ দুটাত যোগোযোগ কৰিব পাৰিব।

 

 

 

Related Articles

Leave a Reply

Close