বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

জৰ্জ বুশ্বৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ: ক্ষমা খুজিলে অভিনেত্ৰীক

ইণ্টাৰনেশ্যনেল ডেস্ক, প্ৰথম খবৰ: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বুশ্বৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ উত্থাপিত হৈছে। মাৰ্কিন অভিনেত্ৰী হীদৰ লীণ্ডে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে।

অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত একপি ফটো প’ষ্ট কৰি এই কথা ব্যক্ত কৰে। তেওঁ কোৱা মতে, ‘ৰাষ্ট্ৰপতিগৰাকীয়ে মোক হেণ্ডচেক দিয়াৰ সময়ত মোৰ সৈতে ফটো তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। ফটো কপি তোলাৰ সময়ত তেওঁ বেয়া ইংগিত দি মোৰ গাত হাত দিছিল। তেতিয়াৰপৰা তেওঁৰ প্ৰতি মোৰ  মনত ভাল ভাৱ নোহোৱা হৈছে’।

উল্লেখযোগ্য যে, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে এই অভিযোগক প্ৰত্যাহাৰ কৰা নাই। বৰঞ্চ তেওঁ অভিনেত্ৰী হীদৰ লীণ্ডক ক্ষমা খোজিছে। তেওঁ কৈছে, ‘মই জানি বুজি তেনেকোৱা কাম কৰা নাই আৰু মোৰ কাৰণে যদি আপুনি অপমানিত হৈছে মোক ক্ষমা কৰিব।‘

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close