নিবন্ধ

বাট দেখুৱাবলৈ হাত এখন আগবঢ়াই দিওঁ আহক

মাচুমা খান

আজি অসমৰ জলন্ত সমস্যা বুলিলে প্ৰথমেই সকলোৰে মনলৈ অহা সমস্যাটোৱেই হ’ল ‘বাংলাদেশী সমস্যা’৷ কিন্তু বাংলাদেশীৰ নামত আজিৰ দিনত স্বদেশী হোৱাৰ পিছতো এটা জনগোষ্ঠীক বাৰে বাৰে হাৰাশাস্তি কৰা হৈছে৷ আচলতে মই মোৰ জনগোষ্ঠীটোৰ কথা ক’বলৈ বিচাৰিছোঁ৷ মই মিঞা। বুজা হোৱাৰেপৰা দেখিছোঁ এইটো জনগোষ্ঠীক এচামে কৰা ইতিকিং৷ হয়, কৰাৰ থলো আছে৷

এইটো জনগোষ্ঠীৰ আধাতকৈ বেছি লোক নিৰক্ষৰ৷ চৰৰ বাসিন্দা। য’ত দেখিবলৈ পোৱা নাযায় এখনো স্কুল, কলেজ অথবা চিকিৎসালয়৷ যিসকলে আজিও নাজানে জন্ম নিৰোধক কণ্ট্ৰাচেপ্টিভ পিল, কপাৰ-টি অথবা কণ্ডমৰ কথা৷ য’ত নাৰী মানেই হ’ল সন্তান জন্ম দিয়া মেচিন৷

ইউএনএফপিএৰ অধীনত ‘আগতীয়া বিবাহ আৰু আগতীয়া গৰ্ভধাৰণ’ সম্পৰ্কীক এক প্ৰকল্পৰ বাবে এবাৰ চৰ এখনলৈ গৈছিলো৷ তেওঁলোকক সুধিব লগা হৈছিল কিছু প্ৰশ্ন৷ পুৰুষৰ দুই-এজন স্কুল-কলেজত পঢ়া বুলি গম পোৱাৰ বিপৰীতে দেখিছিলো নাৰীৰ শিক্ষাৰ হাৰ তাত আছিল প্ৰায় শূন্য৷ তাৰ প্ৰতিটো সন্তানৰ প্ৰসৱ কৰোৱা হয় ঘৰত। কাৰণ চিকিৎসালয় তাৰপৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত। যাতায়াত ব্যৱস্থা হিচাপে আছে অকল জলপথ সেৱা। সেয়াও ৰাতিৰ ভাগত বন্ধ থাকে৷ চৰকাৰী কোনো সা-সুবিধা তেওঁলোকে নাপায়৷ বিশুদ্ধ খোৱা পানীৰ অভাৱ আৰু গৰ্ভৱতী মাতৃসকলৰ অধিকাংশই ৰক্তহীনতাত ভুগি থকা পৰিলক্ষিত হৈছিল৷

কিছু গৰ্ভৱতী মাতৃৰ বয়স ১৮তকৈ কম বুলি অনুমান হৈছিল৷ আমি এটা শুভ কামত ওলাই যোৱাৰ পিছতো তেওঁলোকে ক’বলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল বহুতো কথাই৷ বিশেষকৈ প্ৰজনন সম্পৰ্কীয় কথাবোৰ ক’বলৈ তেওঁলোকে দ্বিধাবোধ কৰিছিল৷

বুজিব পাৰিছিলো আজিৰ দিনতো তেওঁলোক কিমান পিছ পৰি আছে৷ বাট-পথ বুলিবলৈ একো নাছিল তাত। স্কুল বা উপস্বাস্থ্যকেন্দ্ৰ এটাও চকুত পৰা নাছিল৷ মুঠতে সকলো সুবিধাৰ পৰা বঞ্চিত তেওঁলোক৷ তেনে ঠাইৰ এজন মানুহৰপৰা আপুনি-মই এজন শিক্ষিত ব্যক্তি ওলাই অহাটো আশা কৰিব পাৰোঁনে? নিশ্চয় নোৱাৰোঁ৷

এয়া অকল তেওঁলোকৰ ক্ষতি নহয়। এটি মানৱ সম্পদৰ ক্ষতি মানেই এখন দেশৰ ক্ষতি৷ সময় থাকোতে সেয়া বুজি উঠাৰ প্ৰয়োজন আছে৷ লক্ষ্য কৰিছোঁ, নামনি অসমৰ কেইবাজনো বিধায়ক আছে মিঞা জনগোষ্ঠীৰপৰা উঠি অহা। তথাপি তেওঁলোকে বিধানসভাৰ মজিয়াত উৎথাপন নকৰে এই লাঞ্চিত-বঞ্চিত জনগোষ্ঠীৰ কোনো সমস্যাৰ কথা। বাজেটত চৰ অঞ্চলৰ বাবে নোলায় একো বিশেষ আঁচনি৷ নাগৰিকপঞ্জীৰ সময়ত সহজ-সৰল মানুহবোৰক দেখুৱাই মিছা চিঞৰ-বাখৰ কিয় কৰি থাকে? সাধাৰণ দৰিদ্ৰ জনগোষ্ঠীটোক বাৰে বাৰে বিপাঙত পৰা দেখিও কেনেকৈ লুটিপুটি বৰবাদ কৰি থাকিব পাৰে তেওঁলোকে?

আমাৰ মাজৰপৰাও বহুতো শিক্ষিত লোক আজি ওলাই আহিছে। তেওঁলোকে জনা বুজা ব্যক্তি হিচাপে ৰাজ্যত নিজৰ পৰিচয় এটি গঢ়িব পাৰিছে৷ তেওঁলোকে বাংলাদেশী সমস্যা বিধানসভাৰ মজিয়ালৈ উলিয়াই অনাৰ বাবে মন্ত্ৰী-বিধায়কসকলৰ লগত যোগাযোগ কৰক৷ এক গঠণমূলক আলোচনাৰ বাবে শিক্ষিত লোকসকল আগবাঢ়ি আহক৷ আমাৰ ফালৰপৰা সহায়ৰ হাত আগবঢ়াবলৈ আমি প্ৰস্তুত সদায়৷ শেষত ক’বলৈ বিচাৰিছোঁ, বিদেশীৰ নামত সাধাৰণ নিৰিহ লোকৰ ওপৰত অত্যাচাৰ বন্ধ হওঁক৷ বিদেশী ধৰি বিদেশলৈ পঠাওক, কিন্তু স্বদেশীৰ হাৰাশাস্তি বন্ধ কৰক৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close