অসমনিবন্ধশীৰ্ষসাহিত্য

জন্মভূমিত ৰাধিকা মোহন ভাগৱতী

(অভিভাৱকস্বৰূপ মহীৰূহ গৰাকীৰ সজল সোঁৱৰণত)

হিমাংশু ৰঞ্জন ভূঞা:

অসমৰ সমাজ জীৱনৰ পৰা ৩০ ছেপ্টেম্বৰত পুৱা হঠাৎ নোহোৱা হ’ল সংবাদ জগতৰ পিতৃস্বৰূপ, স্থিতপ্ৰজ্ঞ ব্যক্তি ৰাধিকা মোহন ভাগৱতী। ওৰেটো জীৱন শিক্ষা, জ্ঞান আহৰণ, বাতৰি-কাকত আলোচনী আদিতে ব্যস্ত থাকি অসমৰ সাংবাদিক জগতখনক, সাংবাদিকতাৰ প্ৰকৃত নতুন সোৱাদ যোগাই প্ৰতিদিনে প্ৰতি মুহূৰ্ততে ইতিবাচক চিন্তা-চৰ্চাৰে কলমৰ জৰিয়তে অহৰস দেশ আৰু জাতিৰ সেৱাতে ব্যস্ত থকা এই মহিৰূহগৰাকীয়ে অৱশেষত ৩০ ছেপ্টেম্বৰ, বিজয়া দশমীৰ পুৱা ন বাজি বিশ মিনিটত এই সংসাৰৰ পৰা বিদায় ল’লে। ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ মাধৱ-ভাগৱতী চুক গাঁৱৰ এক উচ্চবৰ্গৰ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰি পঢ়াশলীয়া শিক্ষাও জামুগুৰিহাটতে গ্ৰহণ কৰি বেনাৰস হিন্দু বিশ্বাবিদ্যালৰ পৰা ১৯৫৮ চনত অৰ্থনীতি বিষয়ত এম এ পাছ কৰা ভাগৱতীদেৱে নিজে হাইস্কুলীয়া শিক্ষাগ্ৰহণ কৰা বিদ্যালখনতে (বৰ্তমানৰ জামুগুৰি উঃ মাঃ বিদ্যালয়) জীৱনৰ প্ৰথম বৃত্তি শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিল ১৯৫৪ চনত. ১৯৫৬ চনলৈকে শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাগৱতীদেৱে সেই সময়তেই বিদ্যালয়ৰ ছাত্ৰ সংসদৰ তত্বাৱধায়ক শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰি ‘অংকুৰ’ নামৰ আলোচনী এখন প্ৰকাশৰ দিহাও কৰিছিল। জামুগুৰিহাটত অসম সাহিত্য সভাৰ শাখা গঠন কৰিবলৈকো যত্ন কৰিছিল। ১৯৩৫ চনৰে পৰা জামুগুৰিহাটত অনুস্থিত হৈ থকা মঞ্চ বিহুৰ লগতো তেখেত ওতপ্ৰোতঃভাৱে জড়িত হৈ পৰিছিল আৰু ১৯৫৯ চনত তেওঁ সেই বিহুমেলাৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। এনেভাৱেই জামুগুৰিহাটৰ সাহিত্য-সংস্কৃতিৰ বহল পথাৰখনত জড়িত হৈ পৰা ভাগৱতীদেৱে কৰ্তব্যৰ তাড়নাত জামুগুৰিহাটৰ পৰা গৈ গুৱাহাটীৰ সোণাৰাম হাইস্কুলত শিক্ষক হিচাপে যোগাদান কৰি গুৱাহাটীতে থাকিবলৈ লয় আৰু একান্ত সাধনাৰে সমগ্ৰ অসমৰ জনজীৱনৰ এগৰাকী মহান পুৰোধা ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হয় যদিও জন্মভূমি জামুগুৰিহাটৰ মোহে তেওঁক প্ৰতিক্ষণতে আৱৰি ৰাখিছিল। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে, বিজ্ঞানক জনসাধাৰণৰ নিচেই কাষলৈ নিয়াৰ মানসৰে তেওঁ সপোন ৰচিছিল বিজ্ঞান গ্ৰাম এখনৰ। সেই সপোনৰ বাস্তৱ ৰূপ দিবলৈকে তেওঁ প্ৰচেষ্টা চলাইছিল জামুগুৰিহাটত তেওঁৰ সপোনৰ  ‘বিজ্ঞান-গ্ৰাম’খন প্ৰতিষ্ঠাৰ বাবে। এই গ্ৰামৰ বাবে প্ৰয়োজন আছিল ৭৫ বিঘা মাটিৰ। কিন্তু বিভিন্ন কাৰণত প্ৰয়োজনীয় মাটিৰ আৱণ্টন পোৱা নাছিল যদিও প্ৰচেষ্টা অব্যাহত ৰাখিছিল। নিয়তিৰ আহ্বানত সেই সপোন বাস্তৱত পৰিণত নহওঁতেই তেওঁ এই পৃথিৱীৰ পৰা আঁতৰি যাব লগা হ’ল। আশা আশাতেই ৰ’ল।

জন্মগাঁও মাধৱ-ভাগৱতীচুক আৰু তেওঁৰ পিতৃ, অঞ্চলটিৰ গৌৰৱ, সংস্কৃত-শাস্ত্ৰৰ বিদগ্ধ পণ্ডিত, স্মৃতিতীৰ্থ, সাহিত্যলংকাৰ, কৃতি-শিক্ষক, ৰাষ্ট্ৰপতি পদকৰে বিভূষিত পণ্ডিত-প্ৰৱৰ গোবিন্দ চন্দ্ৰ ভাগৱতীৰদ্বাৰা প্ৰতিষ্ঠিত ‘মাধৱ প্ৰদীপ সংস্কৃত টোল’  খনেই যদিওবা তেওঁৰ শৈশৱ আৰু কৈশোৰৰ খেলাভূমি আছিল, তথাপিতো সমগ্ৰ জামুগুৰিহাট অঞ্চলৰ অধিকাংশ গাঁৱৰেই সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁ জড়িত হৈ পৰিছিল। কৃষিজীৱি গঞা হিচাপে খেতিপথাৰতো নামি পৰি, পথাৰত কাম কৰি বোকা পানী খচকি, গৰু গাইৰ লেথা মাৰি লৰালৰিকৈ স্কুললৈ ঢাপলি মেলা এখন অখ্যাত গাঁৱৰ এটি দুখীয়া পৰিয়ালৰ সন্তান ভাগৱতীদেৱে আত্মপ্ৰত্যয় আৰু কঠোৰ অধ্যৱসায়ৰ দ্বাৰা খ্যাতি আৰু সন্মানৰ সৰ্বোচ্চ শিখৰত নিজক প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছিল। ভাগৱতীদেৱে শৈশৱ-কৈশোৰৰ সোণালী দিনবোৰতে সমাজসেৱা, কলা-সংস্কৃতি, সাহিত্য-সংগীত, অভিনয় আদিৰ প্ৰাৰম্ভিক পাঠগ্ৰহণ কৰিছিল গাঁওসমূহৰ ভাওনা সবাহ, গাঁৱে-গাঁৱে থকা যাত্ৰাপাৰ্টিসমূহ, জামুগুৰি বাপুজী ভৱন, বিহুমেলা আদি বিভিন্ন অনুষ্ঠানৰ জৰিয়তে। তেওঁ বাপুজী ভৱন ৰংগমঞ্চত ভালেকেইখন নাটকত কৰা দুৰ্দান্ত অভিনয় আৰু বিভিন্ন গাঁৱৰ ভাওনাত কৰ্ণ, অৰ্জুন আদি চৰিত্ৰত দিয়া ভাও আজিও জানুগুৰীয়া ৰাইজৰ স্মৃতিপটত অম্লান হৈ আছে। ঐতিহ্যমণ্ডিত জামগুৰিহাটৰ ‘বাৰেচহৰীয়া ভাওনা’ৰ সৈতে বিগত প্ৰায় তিনিকুৰিৰো অধিক বছৰ কাল ওতপ্ৰোতঃভাৱে জড়িত থাকি আৰু বিভিন্ন পৰামৰ্শ আৰু কৰ্মব্যৱস্থাৰে সমগ্ৰ দেশৰ ভিতৰতে ‘বাৰেচহৰীয়া ভাওনা’ক জিলিকাই তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছিল। জামুগুৰিৰ বিহুমেলা, মুকলি বিহু, কালীয় দমন ভাওনা, বোকাখেচা ভাওনা, দৌলোৎসৱ আৰু প্ৰস্তাৱিত বিজ্ঞান গ্ৰামৰ বাবে অহৰ্নিশে চিন্তা-চৰ্চা, খা-খবৰ লোৱাৰ উপৰিও এনেবোৰ কৰ্মত নিজক ওতঃপ্ৰোতভাৱে জড়িত কৰি সততে গৌৰৱবোধ কৰিছিল। জামুগুৰিহাটত প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ তেওঁ আছিল অভিভাৱকস্বৰূপ। পঞ্চাশৰ দশকতে জামুগুৰি হাইস্কুল (এতিয়াৰ জামুগুৰি উঃ মাঃ বিদ্যালয়) ৰত্নকান্ত মহন্ত, ৰমেশ গোস্বামী, গোলোক ৰাজবংশী, আনন্দি শৰ্মা, বীৰেন বৰকটকী, গুণধৰ শইকীয়া, পোৱাল বৰুৱা, কেশৱ মহন্ত, ফণী বৰঠাকুৰ আদি আদৰ্শনীয় শিক্ষকসকলে গঢ়ি তোৱা বৌদ্ধিক-সাংস্কৃতিক পৰিমণ্ডলত ভাগৱতীদেৱে লাভ কৰিছিল অফুৰন্ত প্ৰেৰণা।

১৯৫৮ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত গুৱাহাটীলৈ উভতি আহি প্ৰথম অৱস্থাত ‘নতুন অসমীয়া’ কাকতত উপসম্পাদক হিচাপে যোগদান কৰি নিজৰ প্ৰজ্ঞা আৰু সাধনাৰ বলত সাংবাদিকতাৰ মহান আদৰ্শক প্ৰতিষ্ঠা কৰি বিশ্বাস আৰু প্ৰত্যয়ৰে অসমৰ সমাজ-জীৱনলৈ অতুলনীয় অৱদান আগবঢ়াই আমৃত্যু সংবাদ ক্ষেত্ৰখনৰ সৈতে প্ৰত্যক্ষ জড়িত হৈ থাকি সাংবাদিক জগতখনৰ গুৰিব’ঠা ধৰি যি আদৰ্শ প্ৰতিষ্ঠা কৰিলে, সেয়া হয়তো ভৱিষ্যত জীৱনলৈ সোণালী আখৰৰে জিলিকি থাকিব। স্বজন-প্ৰীতি আৰু সংকীৰ্ণ চিন্তাৰ উৰ্দ্ধত থাকি সামগ্ৰিক সমাজ-জীৱনৰ প্ৰতিটো বিষয়ৰ ওপৰত সুক্ষ্ম দৃষ্টি ৰাখি তথ্য সম্বলিত আৰু যুক্তি সংগত সংবাদ-প্ৰেৰণৰ বাবে অনুজ সংবাদকৰ্মীসকলক প্ৰতি মুহূৰ্ততে উদগনি যোগাই অহা ভাগৱতীদেৱে অসমীয়া জাতি, ভাষা-সংস্কৃতি আৰু জাতিটোৰ প্ৰতি অহা ভাবুকিসমূহৰ দিশত অতন্দ্ৰ প্ৰহৰী হিচাপে নিজকে অৰ্পিত কৰিছিল, যাৰ বাবে তেওঁক জাতীয়তাবোধ ধাৰাৰ এগৰাকী অন্যতম সৈনিক বুলি ক’ব পাৰি।

সুস্থ ভাষাৰ প্ৰয়োগ, মাৰ্জিত কথন শৈলী, শান্ত-সমাহিত সুন্দৰ সুঠাম চেহেৰা, অশেষ গুণৰ অধিকাৰী, ব্যক্তিগত-সমাজগত-সাংবাদিক জীৱনৰ সাত্বিক স্বৰূপ ভাগৱতীদেৱৰ হঠাৎ মহাপ্ৰয়াণ ঘটাত মৰ্মাহত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী। যেন নিঠৰুৱাহৈ পৰিল সাংবাদিক সমাজখন। শোকত ম্ৰিয়মান হৈছে সমগ্ৰ ৰাজ্যৰ লগতে জন্মভূমি জামুগুৰিহাটৰ প্ৰতিজন নাগৰিক। যেন অভিভাৱকহীন হৈ পৰিল জামুগুৰিহাট। ভাগৱতীদেৱৰ আত্মাই চিৰশান্তি লাভ কৰক। তেওঁৰ আদৰ্শ সুস্থ আৰু শক্তিশালী ৰূপত প্ৰেৰণাৰ উৎস হৈ থাকক।

 

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close