অসম

ৰে’ল নগৰী লামডিঙৰ অস্তিত্বৰ প্ৰতি নামি আহিছে ভাবুকি

প্ৰথম খবৰ, লামডিং: পুনৰ লামডিঙৰ পৰা ৰে’লবিভাগে বদলি কৰিব ওলাইছে ৬৪ জন ৰে’ল শ্ৰমিকক ৷ লামডিঙৰ অস্তিত্ব ৰক্ষাৰ বাবে এইবাৰ আন্দোলন কৰাৰ হুংকাৰ স্থানীয় বিধায়ক শিবু মিশ্ৰৰ ৷ লামডিঙখন ৰে’লনগৰী ৰূপে খ্যাত বৃটিছৰ দিনৰ পৰাই৷ হোজাই জিলাৰ লামডিংখন এখন সৰু চহৰ ৷

বৃটিছৰ দিনতে ৪২০ লাখ টকা ব্যয়ৰে ১৯০৪ চনত বৰাইল পাহাৰ হৈ লামডিঙৰ পৰা ডিব্ৰুগড়লৈকে ৰে’ল লাইন স্থাপন কৰিছিল ৷ তেতিয়াৰ পৰাই ৰে’লবিভাগৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰেই গঠিত হৈ তেতিয়াৰ পৰাই লামডিং খন ৰেলনগৰী ৰূপে খ্যাত হৈ পৰে ৷ লামডিঙৰ পৰা এফালে ডিব্ৰুগড় আৰু আনফালে গুৱাহাটীলৈ ৰে’ললাইন সম্প্ৰসাৰণৰ ফলত লামডিং পৰিণত হয় গুৰুত্বপূৰ্ণ ৰে’ল জংচন হিচাপে আৰু পাছলৈ ৰে’ল ডিভশন হিচাপে ৰূপান্তৰিত হয় ৷ কিন্তু বৰ্তমান ৰে’লনগৰী লামডিং নিজৰ অস্তিত্ব ৰক্ষাৰ সংকটত ভূগিছে ৷

পাহাৰ লাইনৰ ৰে’লপথ মিটাৰ গজপৰা ব্ৰড গজলৈ সম্প্ৰসাৰণ কৰাৰা সময়ত লামডিঙৰ পৰা বহুতো ৰে’লৰ কাৰ্যালয় উঠাই নিয়াত হাজাৰ হাজাৰ ৰে’লকৰ্মী তেওঁলোকৰ পৰিয়ালসহ ইয়াৰ পৰা শিলিগুৰি, তিনচুকীয়া , গুৱাহাটীলৈ বদলি হৈ যোৱাত লামডিঙখন কোঙা হৈ পৰাৰ সময়তে ৰে’লবিভাগে বিভিন্ন সময়ত বিভিন্ন অযুহাতত বহুতো ৰেলকৰ্মীক ইতিমধ্যে লামডিঙৰ পৰা বদলি কৰিছে ৷

কালি পুনৰ হঠাতে লামডিঙৰ পৰা প্ৰায় ৬৪ জন বিভিন্ন বিভাগৰ ৰেল কৰ্মচাৰীৰ বদলি কৰাক লৈ তুলপাৰ লাগিছে লামডিঙত ৷ লামডিং মণ্ডলীক ৰেল প্ৰবন্ধকগৰাকীয়ে আগোন্তক দুই এদিনৰ ভিতৰতে এই ৬৪ জনক আগৰতলা লৈ বদলিকৰণৰ নিৰ্দেশ দিয়ে৷ ৬৪ জন ভিতৰত বেছিভাগেই মহিলা কৰ্মচাৰীয়ে এই ভয়াবহ পৰিস্থিতি সন্মূখীন হ’বলগীয়া হৈছে ৷ এক প্ৰকাৰে ৰে’ল নগৰী লামডিঙলৈ অমানিশা নামি আহিছে ৷ কিয়নো ৰে’লৰ অবিহনে লামডিঙৰ কোনো অস্তিত্বই নাথাকিব ৷

লামডিং মাণ্ডলিক প্ৰৱন্ধত এফালে ৰাজ্যৰ থলুৱাক বঞ্চিত কৰি বদলি কৰা আনফালে বহিৰাগত যুৱক-যুৱতীক প্ৰতিমাহে নিযুক্তি প্ৰদান কৰা ৷ এই বিষয়ত লামডিঙৰ বিধায়ক শিবু মিশ্ৰই আজি লামডিং ৰে’লৱে মাণ্ডলিক প্ৰৱন্ধকগৰাকীক সাক্ষাৎ কৰি কয় যে, লামডিঙ পৰা বদলি কৰা মহিলা কৰ্মচাৰীসকলক সুৰক্ষা দিয়াৰ লগতে অসুস্থ কৰ্মচাৰীসকলক লামডিঙতে ৰাখি কাম কৰোৱায়। যদিহে ৰে’ল বিভাগে নামানে তেনেহ’লে লামডিং চহৰখনৰ অস্তিত্ব ৰক্ষা কৰিবৰ বাবে দৰকাৰ পৰিলে বিধায়ক শিবু মিশ্ৰই নিজেই আন্দোলনত বহিব ৷

যিহেতু লামডিং সুৰক্ষা বাবে লামডিং ৰাইজে বিধায়কগৰাকীক ভোট দি জয়যুক্ত কৰিছিল সেয়হে লামডিং স্বাৰ্থত তেওঁ লামডিং ৰাইজৰ হৈ এইবাৰ ৰে’ল বিভাগৰ বিৰুদ্ধে বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷ তাৎপৰ্যপূৰ্ণ যে, ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাইৰ গৃহ জিলাৰে লামডিঙৰ পৰা ৰেল বিভাগৰ শীৰ্ষ কৰ্তৃপক্ষই ৰে’ল কৰ্মচাৰীক অবিবেচকভাৱে বদলি কৰাৰ পাছতো নীৰবতাহে অৱলম্বন কৰি আছে মন্ত্ৰী গৰাকীয়ে।

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীৰ নিৰ্দেশ ৰে’ল বিভাগৰ শীৰ্ষ কৰ্তৃপক্ষ তথা শীৰ্ষ বিষয়াই গুৰত্ব নিদিয়ে বুলিও চৰ্চিত হৈছে। কিয়নো লামডিঙৰ পৰা কৰ্মচাৰী বদলি কৰা নহ’ব বুলি ইতিপূৰ্বে ৰে’ল মন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি এতিয়া বহিৰাগত ৰে’ল বিষয়াৰ দপদপনিত মূল্যহীন হৈ ৰ’ল ৷ অকৰ্মন্য ৰেল ৰাজ্যিক মন্ত্ৰগৰাকীৰ বাবেই ৰাজ্যত অব্যাহত আছে থলুৱা প্ৰাৰ্থীক বঞ্চনা কৰি বহি:ৰাজ্য যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা। এনেদৰেই বহিৰাগত বিষয়াৰ দপদপনিৰ ভয়ত চলিব নেকি ৰে’ল বিভাগ? এই ক্ষেত্ৰত নিমাতি কইনাৰ সাজত থকা ৰাজেন গোহাঁই কেনেধৰণৰ ব্যৱস্থা লয় ই হ’ব লক্ষ্যণীয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close