অসম

ধিঙত প্ৰায় ৫০০০ লিটাৰ চোৰাং মিঠা তেল জব্দ

ধিঙৰপৰা বেদব্ৰত ৰাজা, প্ৰথম খবৰ: ধিং অাৰক্ষীৰ অভিযানত প্ৰায় পাঁচ হাজাৰ লিটাৰ মিঠা তেল জব্দ। ধিঙৰ অাহোম গাঁৱৰ অাশিক ৰহমানৰ ঘৰৰ পৰা অাৰু বেছামাৰীৰ ৰাহুল অামিনৰ ঘৰৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰে এই বৃহৎ পৰিমানৰ মিঠাতেল। লগতে তেল খিনি কঢ়িওৱা এখন ট্ৰেক্টৰ জব্দ কৰে ধিং অাৰক্ষীয়ে।

অৱশ্যে চোৰাং তেলৰ ব্যৱসায়ত জড়িত কোনো লোককে অাটক কৰিবলৈ সক্ষম হোৱা নাই অাৰক্ষীয়ে । অপৰাধীক ধৰিব নোৱাৰি চোৰাং মিঠা তেলকে লকঅাপত সোমোৱালে ধিং অাৰক্ষীয়ে। ধিং অাৰক্ষীয়ে চোৰাং মিঠাতেল ব্যৱসায়ত জড়িত অসাধু ব্যৱসায়ীক কৰায়ত্ব কৰিবৰ বাবে তদন্ত অব্যাহত ৰাখিছে । ইঞ্জিন কোম্পানীৰ এই তেলসমূহ নকল বুলি সন্দেহ কৰিছে স্থানীয় ব্যৱসায়ীয়ে। একাংশ অসাধু ব্যৱসায়ীয়ে ভেজাল তেল নতুনকৈ পেকেটিং কৰি বজাৰত বিক্ৰী কৰি অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close