শেহতীয়া
Home / খেল / অষ্ট্ৰেলিয়ান খেলুৱৈৰ গাড়ীত আক্ৰমণ, মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিক্ৰিয়া

অষ্ট্ৰেলিয়ান খেলুৱৈৰ গাড়ীত আক্ৰমণ, মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, প্ৰথম খবৰ: অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰৰ বাছত আক্ৰমণৰ ঘটনাক অপ্ৰত্যাশিত আখ্যা দিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এক দীঘলীয়া  টুইটযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, এই ঘটনাই গুৱাহাটীৰ উদীয়মান উজ্জ্বল ক্ৰীড়াক্ষেত্ৰৰ মৰ্যাদা হানি কৰিবলৈ চেষ্টা কৰা হৈছে। ইতিমধ্যে এই ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে  কয় যে, তেওঁ দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰে। যোৱা কালি গুৱাহাটীয়ে এক বৰ্ণাঢ্য ক্ৰীড়া আয়োজন কৰাৰ লগতে উপচি পৰা দৰ্শকৰ ভিৰত মুখ্যমন্ত্ৰীজনে প্ৰশংসা কৰে। তেওঁ কয় যে, অসমৰ জনতা ক্ৰীড়াৰ অনুৰাগী আৰু অসম হৈছে ভাল আয়োজক।

সম্প্ৰতি গুৱাহাটীত অনুষ্ঠিত হৈ থকা ১৭ অনুৰ্ধ বিশ্বকাপ ফুটবল প্ৰসংগও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইতিমধ্যে গুৱাহাটীয়ে আয়োজন কৰা বিশ্বকাপ ফুটবলকলৈ সন্তুষ্টি ব্যক্ত কৰিছে ফিফা আৰু তেওঁলোকৰ কাৰ্যকৰ্তাসকলে। অসমৰ জনতাই হিংসাত্মক ঘটনাক প্ৰশ্ৰয় নিদিয়ে বুলি টুইটাৰত দাবী কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কালিও টি-২০ গেমৰ সময়ত গুৱাহাটীত দেখা গৈছিল নান্দনিক পৰিৱেশ। দৰ্শকসকলে ক্ৰীড়া সুলভ মনোভাব প্ৰদৰ্শন কৰিছিল খেলৰ সময়ত। দুয়োটা দলৰ প্ৰদৰ্শনৰ প্ৰতি সমৰ্থন আগবঢ়াই অসমক ভাৰতৰ ভিতৰতে এখন ক্ৰীড়া ৰাজধানীলৈ ৰূপান্তৰিত কৰাৰ দিশে প্ৰতিশ্ৰুতিক সমৰ্থন জনালে ক্ৰীড়া অনুৰাগীসকলে। কিন্তু এনে সময়তে খেলুৱৈৰ গাড়ীত আক্ৰমণৰ ঘটনাই চিন্তিত কৰি তুলিছে মুখ্যমন্ত্ৰীগৰাকীক।

টুইটাৰৰ স্ক্ৰীন শ্ব’ট

গতিকে, এই ধৰণৰ হুলীগানৰ ঘটনাই অসমক ক্ৰীড়াৰ ক্ষেত্ৰত যাতে কোনো নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে সেই দিশত কাৰ্যপন্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে আশ্বাস দিয়ে ৰাজ্যৰ ক্ৰীড়া প্ৰেমীসকলক। আনহাতে, দুৰ্বৃত্তক দৃষ্টান্তমূলক শাস্তি দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ কয় যে, অসমৰ জনতাৰ সমৰ্থনেৰে এনে ধৰণৰ অনাহূত ঘটনা বাধা দিব পাৰিব চৰকাৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*