অসমবিনোদন

অসমীয়াৰ ছবিৰ ঠাইত হিন্দী ছবি, দৰ্শকৰ প্ৰতিবাদত পুনৰ চিনেপলিচত চলিল প্ৰিয়াৰ প্ৰিয়

ছফিক আহমেদৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: মহানগৰীৰ খ্ৰীষ্টান বস্তীত অৱস্থিত চেন্ট্ৰেল মলৰ চিনেপলিচত সংঘটিত হ’ল এক নাভূত নাশ্ৰুত কাণ্ড। চিনেপলিচৰ দুই নম্বৰ প্ৰেক্ষাগৃহত সংঘটিত হয় এই ঘটনা। আবেলি ৪ বাজি ১৫ মিনিটত চিনেপলিচৰ দুই নম্বৰ প্ৰেক্ষাগৃহত সংবাদ কৰ্মী জিণ্টু মণি ভূঞা আৰু ছফিক আহমেদ মুনিন বৰুৱাৰ প্ৰিয়াৰ প্ৰিয় বোলছবিখন চাব উপস্থিত হয়।

নিৰ্ধাৰিত সময়ত দুয়োজনে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰে আৰু নিজৰ আসন গ্ৰহণ কৰে। কিছুসময় পিছত ৰাষ্ট্ৰীয় সংগীতত সকলোৱে থিয় হয়। কিন্তু হঠাৎ লাগিল পয়মাল। প্ৰিয়াৰ প্ৰিয়ৰ ঠাইত আৰম্ভ হ’ল বলিউডৰ ৰাজকুমাৰ ৰাওৱে অভিনয় কৰা মেৰে চাদি মে আনা বোলছবিখন।

কিছুসময় লৈকে দৰ্শক নিশ্চুপ হৈ থাকে, ক্ষন্তেক সময় পিছতে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। তৎকালীনভাৱে ছবিখনৰ প্ৰদৰ্শন বন্ধ কৰি তেওঁলোকে দৰ্শকৰ ওচৰত ক্ষমা খোজে আৰু প্ৰিয়াৰ প্ৰিয় ছবিখন প্ৰদৰ্শিত কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close