অসম

আজি ৰিতুপথাৰ ভ্ৰমণ কৰিলে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃবৰ্গই

ফিল’বাৰীৰ পৰা সুৰজিৎ বড়া, প্ৰথম খবৰ: আজি অসম সাহিত্য সভাৰ এটা সজাঁতি দলে অসম সাহিত্য সভাৰ ৭৪ সংখ্যক বিঢ়ীদিহিং-বৰডুমচা অধিৱেশনৰ স্থান ৰিতুপথাৰৰ ‘বদৌচা সমন্বয় ক্ষেত্ৰ’ পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লৈ যায়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত অহা দলটোত আছিল সভাৰ সহকাৰী সম্পাদক অৱনি মোহন চহৰীয়া, প্ৰচাৰ সম্পাদক দেৱজিৎ বৰা, যুৱ সংসদৰ আহ্বায়ক নুৰুল চুলতান, কাৰ্যনিৰ্বাহক সদস্য ডাঃ গিৰীশ সন্দিকৈ, সুনীল গুৰুং আৰু তিনিচুকীয়া জিলাৰ সভাপতি প্ৰবীন বৰা।

দলটোৱে অধিৱেশনস্থলীতে আদৰণি সমিতিয়ে নিৰ্মাণ কৰা অস্থায়ী চাউনিত আদৰণি সমিতিৰ বিষয়-ববীয়া আৰু কৰ্মকৰ্তাৰে এক সভাত মিলিত হয়। সভাখনৰ আঁ‌ত ধৰে আদৰণি সমিতিৰ সাধাৰণ সম্পাদক ৰবীন মৰাণে। সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পৰমানন্দ ৰাজবংশীয়ে আদৰণি সমিতিয়ে প্ৰস্তুত কৰা খচৰা কাৰ্যসূচীখনৰ ওপৰত বিস্তৃত বিশ্লেষণ কৰি যাৱতীয় পৰামৰ্শ আগবঢ়ায়।

আদৰণি সমিতিৰ মুখ্য সম্পাদক মোহন মৰাণ, কেন্দ্ৰীয় সদশ্য গিৰিশ সন্দিকৈ আৰু জিলা সভাপতি প্ৰবীন বৰাইও একাষাৰ কয়। সভাত আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি কুশল কুমাৰ শইকীয়া, অন্যতম সাধাৰণ সম্পাদক অৰুণজ্যোতি মৰাণ আৰু মনজিৎ গোহাঁই, কোষাধ্যক্ষ লবন কুমাৰ দহোটীয়া, উপসভাপতি বৈকুণ্ঠ সোণোৱাল, ইন্দ্ৰ কুমাৰ ফুকন আদি উপস্থিত থাকে।  সঁ‌জাতী দলটোৱে কাইলৈ অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰত অনুষ্ঠিতব্য অসম সাহিত্য সভাৰ যুৱক-যুৱতীৰ প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ ‘ৰামধেনু’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close