অসম

আজুৰ গোলাঘাট জিলা সম্পাদকৰ পদত্যাগ

প্ৰথম খবৰ, গোলাঘাট: সদৌ অসম সাংবাদিক সন্থাৰ গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক পদৰ পৰা সমীৰণ দিগন্ত বৰাই আজি পদত্যাগ কৰে। এক বিবৃতিৰ জৰিয়তে বৰাই জনাই যে , বিশেষ কাৰণত আজুৰ গোলাঘাট জিলা সমিতিত কাৰ্যনিৰ্বাহ কৰাত অনিশ্চুক হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে । সাধাৰণ সম্পাদকৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে বৰাই।

আজি আজুৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দীপেন দত্তক সমীৰণ দিগন্তই লিখিতভাৱে পদত্যাগ পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে , আগন্তুক আজুৰ গোলাঘাট জিলা সমিতিৰ অধিবেশনৰ প্ৰাক মুহূর্তত স্বয়ং সাধাৰণ সম্পাদক গৰাকীয়ে পদত্যাগ কৰাৰ পিছতে জিলা সমিতিখনৰ সদস্য সকলৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে।

জানিব পৰা মতে, জিলা সমিতিখনৰ পৰা আৰু বহু কেইগৰাকী সাংবাদিকৰ জিলা সমিতিৰ প্ৰতি অনিহা ওপজিছে। এনেক্ষেত্ৰত অনাগত দিনত আজু গোলাঘাট জিলা সমিতিত যে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিব সেয়া নিশ্চিত।

Related Articles

Leave a Reply

Close