অসম

আদৰ্শ বিদ্যালয় মৈৰাবাৰীৰ ৱেব ছাইট মুকলি

প্ৰথম খবৰ, মৈৰাবাৰী: মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ধনেৰে স্থাপিত আদৰ্শ বিদ্যালয় মৈৰাবাৰীৰ ৱেবছাইট আজি মুকলি কৰে অসম সৰ্বশিক্ষা অভিযান মিছনৰ অভিযান সঞ্চালিকা অৰুনা ৰাজৰিয়াই।ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীয়ে শিশু দিৱসৰ লগত সংগতি ৰাখি আজি অঞ্চলটোৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকৰ উপস্থিতিত বিদ্যালয়খনৰ ৱেবচাইট মুকলি কৰাৰ লগতে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে। অভিযান সঞ্চালিকাগৰাকীক আজি বিদ্যালয়খনত সংগ দিয়ে অধ্যক্ষ লুতফুৰ ৰহমানে।

Related Articles

Leave a Reply

Close