শেহতীয়া
Home / সম্পাদকীয় / আপুনি জাতিস্মৰ নেকি!!!!

আপুনি জাতিস্মৰ নেকি!!!!

জাতিস্মৰ বুলি কলে এক সাংঘাতিক কৌতূহল আছে আমাৰ সকলোৰে মাজত৷ আগৰ জন্মত আমি কি আছিলো, কত আছিল আমাৰ ঘৰ আদি নানা ধৰণৰ প্ৰশ্নই মন উদ্বাউল কৰি তোলে মন। বলীউডতো যোৱা পঞ্চাশ বছৰ ধৰি প্রেমৰ মৃত্যুহীনতা বুজাবলৈ জাতিস্মৰৰ কাহিনীক লৈ ছবি নিৰ্মাণ হৈ আহিছে। ১৯৪৯ চনত কামাল আমৰোহীৰ ‘মহল’ ছবিখনৰ পৰাই ইয়াৰ সূত্রপাত। তাৰপিছত ‘মধুমতী’, ‘মিলন’, ‘মেহবুবা’, ‘নীলকমল’, ‘কুদৰত’। এই চলচ্চিত্ৰসমূহৰ  কাহিনীৰ  মূল  ভেটি আছিল জাতিস্মৰ। কামাল আমৰোহী, বিমল ৰায়, শক্তি সামন্ত, চেতন আনন্দৰ দৰে আছিল পৰিচালক। ‘মধুমতী’ৰ গল্প লিখিছি ঋত্বিক ঘটকে৷ প্রতিখন ছবিয়ে বক্স-অফিচৰ আশীর্বাদধন্য৷

বিজ্ঞানীসকলেও ভূত-প্রেতকে তুচ্ছ-তাচ্ছিল্য কৰিলেও কিন্তু জাতিস্মৰৰ বিষয়টোক একে আষাৰতে উৰাই দিব পৰা নাই। তাৰো অৱশ্যে এটা কাৰণ আছে৷ জাতিস্মৰৰ পূর্বজন্মৰ স্মৃতিৰ কথা বহু ক্ষেত্রত প্রমাণ কৰা সম্ভৱ হয়৷ এজনে যদি কয়— ‘আমি কালি নিশা ভূত দেখা পাইছো’,  বেছিভাগ সময়তে কোনো তাক বিশ্বাস নকৰে। কাৰণ তাৰ পক্ষে ভূত দেখা জনস্বক্ষুত প্রমাণ কৰা অসম্ভৱ৷ কিন্তু কোনোৱে যদি কয়— ‘আমি আগৰ জন্মত অমুক আছিলো, অমুক জাগাত থাকিছিলো’। তেতিয়াহলে সেয়া প্রমাণ কৰা কঠিন হলেও অসাধ্য নহয়৷ গৱেষকসকলে বহু পৰিশ্রম কৰি সেই সকলো অস্তিত্বৰ প্রমাণ সংগ্রহ কৰিব পাৰিলে পূর্বজন্মৰ স্মৃতিৰ দাবী অস্বীকাৰ কৰা পৰা নাযায়।

বিগত অর্ধদশকত বহু মনোবিজ্ঞানীয়ে একাগ্রতা, নিষ্ঠা আৰু কঠোৰ পৰিশ্রম কৰি এই ধৰণৰ তথ্য সংগ্রহ কৰি দেখা পাইছিল যে মানুষৰ অৱচেতন মনত পূর্বজন্মৰ স্মৃতি থাকে, আৰু সেই স্মৃতি জগাই তোলাটো সম্ভৱ৷ তেওঁলোকৰ অনুসন্ধানৰ ফলতে জাতিস্মৰবাদে এতিয়া মান্যতা পাই গৱেষণাৰ বিষয়বস্তু হৈ পৰিছে৷ বিষয়টি এতিয়া বিজ্ঞানীসকলক ইমানেই আকৃষ্ট কৰিছে যে বেশীভাগ আন্তর্জাতিক বিশ্ববিদ্যালয় আৰু উচ্চশিক্ষা প্রতিষ্ঠান ইয়াক স্বীকৃতি দি বিজ্ঞানৰ এটা স্বতন্ত্র বিভাগৰ মর্যাদা দিছে৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*